কাজিৰঙাত এদিন |অসম জাতীয় বিদ্যালয় |Chapter 4 AJV

অসম জাতীয় বিদ্যালয়

কাজিৰঙাত এদিন

Multiple Choice Question:

১। বকুল আৰু জাহ্নৱীয়ে কোনখন ৰাষ্ট্ৰীয় উদ্য়ান চাবলৈ গৈছে?

ক) মানাস ৰাষ্ট্ৰীয় উদ্য়ান

খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান

গ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ান

উত্তৰঃ খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান।

২। আটায়ে মিলি গুৱাহাটীৰ পৰা পুৱা কেইটা বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে?

ক) ৪ বজাত

খ) ৫বজাত

গ) ৬ বজাত

উত্তৰঃ গ) ৬ বজাত।

৩। কোনে কাজিৰঙাৰ বিষয়ে বকুল, জাহ্নৱীহঁতক বুজাই কৈছিল?

ক) ককাকে

খ) মোমায়েকে

গ) পেহাকে

উত্তৰঃ খ) মোমায়েকে।

৪। কিমানঘন্টাৰমানৰ পাছত সিহঁতৰ গাড়ীখন কাজিৰঙা পালেগৈ?  

ক) ৫ ঘন্টা

খ) ৬ ঘন্টা

গ) ৭ ঘন্টা

উত্তৰঃ ক) ৫ ঘন্টা।

৫। ৰাষ্ট্ৰীয় উদ্য়ানৰ ভিতৰলৈ উঠি যাবলৈ বুলি মোমায়েকে বন-বিভাগৰ পৰা কেইটা হাতী ঠিক কৰিলে?

ক) ৫টা

খ) ৩টা

গ) ২টা

উত্তৰঃ গ) ২টা।

৬। ৰাষ্ট্ৰীয় উদ্য়ানত চিকাৰ কৰোঁতাক কি কৰা হয়?

ক) শাস্তি দিয়া হয়

খ) কামৰ পৰা বাহিৰ কৰি দিয়া হয়

গ) পুৰস্কাৰ দিয়া হয়

উত্তৰঃ ক) শাস্তি দিয়া হয়।

৭। জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছিল?

ক) গড়

খ) ম’হ

গ) সুগৰী পহু

উত্তৰঃ গ) সুগৰী পহু

৮। কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল?

ক) গৰু

খ) গড়

গ) ম’হ

উত্তৰঃ খ) গড়।

৯। জাহ্নৱীহঁতে হাতী দুটাক কি খাবলৈ দিছিল?

ক) কল

খ) আপেল

গ) কমলা

উত্তৰঃ ক) কল

১০। সপোনত জাহ্নৱীয়ে কাৰ লগত খেলিছিল?

ক) সুগৰী পহু লগত

খ) হাতী লগত

গ) চৰাইবোৰৰ লগত

উত্তৰঃ ক) সুগৰী পহু লগত।

কাজিৰঙাত এদিন |অসম জাতীয় বিদ্যালয় |Chapter 4 AJV

পাঠভিত্তিক প্ৰশ্নোত্তৰ

পঢ়া আৰু বুজা : 

হয় + নয় = হ্ন

ৰয় + টয় = ষ্ট

চয় + ছয় = চ্ছ

সয় + তয় = স্ত

ষয় + টয় ৰয় = ষ্ট্ৰ

সয় + থয় = স্থ

ৰয় + জয় = ৰ্জ

ৰয় + কয় = ৰ্ক

ঞয় + চয় = ঞ্চ

পয় + ৰয় = প্ৰ

পঢ়া আৰু লিখা :

আহ্নিক, বহ্নি, অপৰাহ্ন, শুভেচ্ছা, চাঞ্চল্য, হস্তী, সুস্থ।

১। প্রথমে কোঁৱা, তাৰ পিছত লিখাঁ :

(ক) বকুলহঁতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল ? 

উত্তৰঃ বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল।

(খ) বনৰীয়া জীৱ-জন্তুবোৰ ক’ত নির্ভয়ে বসবাস কৰে ? 

উত্তৰঃ কনৰীয়া জীৱ-জন্তুবোৰ ৰাষ্ট্ৰীয় উদ্যানত নির্ভয়ে বসবাস কৰে। 

(গ) ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক কি কৰা হয় ? 

উত্তৰঃ ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক আইন অনুসৰি শাস্তি বিহা হয়।

(ঘ) বকুলহঁতে কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল ?

উত্তৰঃ বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল।

(ঙ) জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্রকৃততে কি আছিল ? 

উত্তৰঃ জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুৱাই জন্তুবোৰ প্ৰকৃততে সুগৰী পহু (ডাঙৰকৈ মাত মতা এজাতি সৰু জাতৰ পছ) আছিল।

(চ) কাজিৰঙাৰ ভিতৰত জাহ্নৱীহঁতে কোনবিধ প্রাণীয়ে বোকাত নামি খেলি থকা দেখিছিল ?

উত্তৰঃ কাজিৰঙাৰ ভিতৰত জাহকীহঁতে তিনিটা গড়ে বিলৰ বোকাত নামি খেলি থকা দেখিছিল।

(ছ) জাহ্নবীহঁতে হাতী দুটাক কি খাবলৈ দিছিল ?

উত্তৰঃ জাহ্নবীহঁতে হাতী দুটাক কলকেইটামান বাবলৈ দিছিল।

(জ) ৰাতিটো বকুলহঁতে কত কটাইছিল ?

উত্তৰঃ ৰাতিটো বকুলহঁতে বন-বিভাগৰ অতিথিশালাত কটাইছিল।

(ঝ) সপোনত জাহ্নবীয়ে তাৰ লগত খেলিছিল ? 

উত্তৰঃ সপোনত জাহ্নবীয়ে কাজিৰঙাৰ মৰমলগা সুগৰীপই কেইটাৰ লগত খেলিছিল।

২। দুই-তিনিটা বাক্যত উত্তৰ লিখা : 

(ক) বকুল আৰু জাহ্নৱীৰ মনত কিয় ৰং লাগিছিল ?

উত্তৰঃ বকুল আৰু জাহ্নবীয়ে মাক-দেউতাক, মামা-মামীয়েকৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব। মামাকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগতে যাব। আটায়ে মিলি গুৱাহাটীৰ পৰা পূৱা ছয় বজাৰ কাজিৰঙালৈ যাবলৈ ওলোৱা বাবে বকুল-জাহ্নবীৰ মনত ৰঙ লাগিছিল।

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নবীহঁতে কি কি প্রাণী দেখা পালে ?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল-জাহ্নৱীহঁতে বহুতো প্রাণী দেখা পালে। হাতীৰ পিঠিত উঠি, বন-সুৰক্ষাকর্মীজনে দেখুৱাই যোৱা বনৰীয়া প্ৰাণীবোৰ দেখি সিহঁতে বৰ ৰং পালে। সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা প্রাণীবোৰ আছিল সুগৰী পহু, বনৰীয়া গাহৰি, ডৰিক, গুই, জহামল, কেৰ্কেটুৱা, লাজুকী বান্দৰ, বিভিন্ন চৰাই-চিৰিকটি, গঁড় আদিৰ উপৰিও পানীত সাতুৰি থকা এজাক বনৰীয়া ম’হ আৰু পাৰত কেইটামান বনৰীয়া হাতী।

CGPA Calculator

গ) চোৰাং চিকাৰীয়ে কি কৰে ?

উত্তৰঃ চোৰাং চিকাৰীয়ে লুকাই-চুৰকৈ জীৱ-জন্তু বধ কৰে।

তাৰোপৰি এই মানুহবোৰে (চোৰাং চিকাৰীয়ে) জীৱ-জন্তুবোৰ মাৰি তাৰ মঙহ আৰু অঙ্গ-প্রত্যঙ্গবোৰ চোৰাংকৈ বিক্ৰী কৰে।

৩। তলৰ কথাবোৰ শুদ্ধ নে অশুদ্ধ লিখা : 

(ক) কাজিৰঙাত জীব-জন্তু চিকাৰ কৰিব পাৰি।

উত্তৰঃ অশুদ্ধ।

(খ) বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল।

উত্তৰঃ অশুদ্ধ।

(গ) কাজিৰঙাত বনৰীয়া ম’হ পোৱা যায়।

উত্তৰঃ শুদ্ধ। 

৪। যাতায়তৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে। বকুল, জাহ্নবীহঁতো কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। হাতীৰ দৰে আন কি জন্তু মানুহে যাতায়তৰ বাবে ব্যৱহাৰ কৰে, এখন তালিকা কৰাচোন।

উত্তৰঃ যাতায়তৰ বাবে মানুহে ব্যৱহাৰ কৰা জন্তুৰ তালিকা :-   

১) ঘোৰা।

২) গঁড়।

৩) গাধ।

৫। বুজা আৰু লিখা :

ৰং ― আনন্দ।

মৰম— প্রীতি।

নিৰ্জু ― শান্ত।

ইংগিত ― সংকেত।

ইচ্ছা – হেপাহ, আগ্রহ।

কাজিৰঙাত এদিন |অসম জাতীয় বিদ্যালয় |Chapter 4 AJV

৬। বুজা আৰু লিখা :

ওখ ― চাপৰ।

উৎসাহ ― নিৰুৎসাহ।

ইচ্ছা ― অনিচ্ছা।

ডাঙৰ ― সৰু।

সাহসী ― ভয়াতুৰ।

সুবিধা ― অসুবিধা।

সময় – অসময়।

৭। পঢ়া আৰু বুজা : 

বন ― বনৰীয়া।

লগ ― লগৰীয়া।

কাষ – কাষৰীয়া।

ভাও ― ভাৱৰীয়া।

নাও ― নাৱৰীয়া।

৮। পঢ়াঁ, বুজা আৰু লিখা :

অভয় + অৰণ্য = অভয়াৰণ্য।

মহা + অৰণ্য = মহাৰণ্য।

লোক + অৰণ্য = লোকাৰণ্য।

৯। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গ’লে তুমি কি কি প্ৰাণী চাই বেছি ভাল পাৰা আৰু কিয় ভাল পারা ? এজন এজনকৈ থিয় হৈ কোৱা।

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গ’লে বিলৰ বুকুত খেলি থকা গড়, বনৰীয়া ম’হ (পানীত সাঁতুৰি থকা), পাৰত থকা বনৰীয়া হাতী চাই ভাল লাগিব। তাৰোপৰি ডৰিক, বনকুকুৰা, কেৰ্কেটুৱা, লাজুকী বান্দৰ, গছৰ ডালে পাতে পৰি থকা চৰাই চিৰিকতিবোৰ চাই আৰু সিহঁতে আপোনমনে খেলি থকা দেখি ভাল লাগিব।

১০। কাজিৰঙাৰ বাহিৰেও অসমত আৰু কি কি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে ? 

উত্তৰঃ  কাজিৰঙাৰ বাহিৰেও অসমত আৰু কেইবাখনো আভয়াৰণ্য আছে— পরীতৰা, মানাহ, নামেৰী।

১১। কাজিৰঙাৰ ভিতৰত থকা বিলত গঁড়কেইটামানে খেলি থকা বকুলহঁতে দেখিছিল। বিলত বিবিধ মাছ আৰু আন জীব থাকে। অসমত বিলৰ বাহিৰেও আন কি কি ঠাইত মাছ থাকে বাৰু ? মাছ থকা ঠাইবোৰৰ এখন তালিকা কৰা।

উত্তৰঃ অসমত বিলৰ বাহিৰেও নদী, পুখুৰী আদিতো মাছ থাকে। 

মাছ থকা ঠাইবোৰ হ’ল নদী, পুখুৰী, বিল, খাল, ডোঙ, তৰাং পানী ইত্যাদি।

১২। বুজি লৈ লিখা : 

(ক) হৰিণাৰ মাংসই বৈৰী।

উত্তৰঃ উক্ত ফকৰা বা প্রবচনটিৰ জৰিয়তে মানুহৰ যে বেছি সম্পদ থাকিলেও বিপদ তাকেই বুজাবলৈ বিচাৰ হৈছে। হৰিণা দেখিবলৈ বৰ ধুনীয়া। তাৰ মঙহ অতি লোভনীয়। তাৰ গাৰ মঙহেই বৈৰী অৰ্থাৎ শত্ৰু স্বৰূপ। এনেদৰেই অতি ধুনীয়া ছোৱালী এজনীৰো ৰূপেই বৈৰী বা শত্ৰুস্বৰূপ৷ অধিক সম্পদশালী লোকজনৰো সম্পদেই শত্ৰু হ’ব পাৰে বুলি বুজাবলৈ এই প্রবচনটি প্রচলিত।

(খ) এশগৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰঃ উপৰোক্ত প্ৰৱচনটিৰ দ্বাৰা মানুহে যে কৃত কর্ম বা কৰা কামৰ ফল ভোগ কৰিব লগা হয় তাকেই বুজাইছে। বাঘ মাংসভোজী যদিও অতিপাত খকুৱা হ’লে তাৰো বিপদ অৱশ্যেম্ভাবী। যিদৰে এশ গৰু মাৰিলে বাঘ মৃত্যুমুখত পৰিব পাৰে, তেনেদৰে বাৰে বাৰে বেয়া কাম বা পাপকর্ম কৰা লোকজনেও (সৃষ্টিকৰ্ত্তা) ঈশ্বৰৰ পৰা শাস্তি ভোগ কৰিব লগা হয়।

১৩। পঢ়া, বুজা আৰু লিখা : 

যা :- সিহঁত কাজিৰঙালৈ যাব।

        সিহঁত কাজিৰঙালৈ নাযায়। 

        সিহঁত কাজিৰঙালৈ যাবনে ?

খা :- সিহঁতে জলপান খাব। 

        সিহঁতে জলপান নাখায়।

        সিহঁতে জলপান খাবনে ?

নাচ :- তহঁতে ভালদৰে নাচ।

          তহঁতে ভালদৰে নানাচে।

          তহঁতে ভালদৰে নাচনে ? 

          সিহঁতে ভালকৈ নাচে।

          সিহঁতে ভালকৈ নানাচে।

          সিহঁতে ভালকৈ নাচেনে ? 

খেল :- তেওঁলোকে ফুটবল খেলে।

           তেওঁলোকে ফুটবল নেখেলে।

           তেওঁলোকে ফুটবল খেলেনে ? 

১৪। ভাবা আৰু উত্তৰ উলিওৱাঁ : 

(ক) গছত গুটি লাগি কি গছ মৰে ?

হাতত নাক লৈ কি পহু চৰে ? 

উত্তৰঃ কলগছ , হাতী।

(খ) বুদ্ধিত বৃহস্পতি গমনত খৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ।

উত্তৰঃ শিয়াল।

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তৰ দিয়া : 

(ক) ‘দিনলিপি’ মানে কি বুজা। দিনলিপি কিয় লিখিব লাগে ?

উত্তৰঃ ‘দিনলিপি’ (ইংৰাজীত ‘ডায়েৰী’ বোলা হয়) মানে মানব জীৱনৰ এটা এটা দিনৰ বিৱৰণ। অর্থাৎ দিনটোত আমি কি কৰিলোঁ অথবা দিনটো কেনেদৰে কটালোঁ। নিশা শুৱৰ সময়ত শুদ্ধভাৱে লিপিবদ্ধ (লিখা কাৰ্য) কৰাকেই ‘দিনলিপি’ বুলিব পাৰি।

‘দিনলিপি’ৰ পৰা শিক্ষার্থীসকলে যথেষ্ট সফলতা লাভ কৰিব পাৰে। ‘দোষ গুণেই মানুহ’। গতিকে অকণো মিছা কথা নিলিখি দোষ-গুণ অর্থাৎ দিনটোত কৰা সকলো কার্যই দিনলিপিত লিখি থলে শিক্ষার্থীয়ে নিজে কৰা ভুলবোৰো স্পষ্টকৈ বুজি উঠিব আৰু নিজকে নিজে শুদ্ধ কৰা (আত্ম সংশোধন) সুযোগ লাভ কৰিব পাৰিব।

(খ) ফকৰা-যোজনা মানে কি ? পাঁচটা ফকৰা উল্লেখ কৰা। 

উত্তৰঃ ফকৰা যোজনা মানে নীতি কথা শিকোৱা পদ বা বাক্য, পটন্তৰ, যাক ইংৰাজীত জনা যায় (প্রভাব) (Proverb) বুলি। ফকৰাক প্রবচন (নীতিৰচন) বুলিও কোৱা হয়। এনে পাঁচটা ফকৰা হ’ল— ‘যি মূলা বাঢ়ো তাৰ দুপাতেতে চিনা অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ’, ‘যেনে কুকুৰ তেনে টাঙোন’, ‘ৰাইজে নথ জোকাৰিলে নৈ বয়’, ‘অতি ভক্তি চোৰৰ লক্ষণ’।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment