তাপ আৰু উষ্ণতা | Class 3 Science | Assam jatiya Vidyalaya 2024-25

তাপ আৰু উষ্ণতা

প্ৰশ্নাৱলী

(১) শক্তি কি ? এটা উদাহৰণ দিয়া ।

উত্তৰঃ কাম কৰা জোৰকে শক্তি বোলা হয়। জোৰ বা শক্তি থাকিলে শৰীৰ বা যন্ত্ৰই কাম কৰিব পাৰে। উদাহৰণ স্বৰূপে- মানুহজনে বস্তা দঙিছে। বস্তা দাঙিবলৈ মানুহজনক শক্তি লাগে ।

(২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা ।

উত্তৰঃ সূৰ্য্যত জ্বলা গেছবিধৰ নাম হ’ল হাইড্ৰজেন গেছ ।

(৩) পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি ?

উত্তৰঃ পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস হ’ল সূৰ্য্য় ।

(৪) তাপ কি লিখা ।

উত্তৰঃ তাপ এবিধ শক্তি । তাপে বহু কাম কৰিব পাৰে ।তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় ।

(৫) তাপে বস্তুৰ পৰিৰ্তন ঘটায় । দুটা উদাহৰণ দিয়া ।

উত্তৰঃ তাপে বস্তুৰ পৰিবৰ্তন ঘটায় তাৰ দুটা উদাহৰণ হ’ল- একুৰা জুইয়ে তাপ দিয়ে। সেই তাপে কাগজ এখন পুৰি ছাঁই কৰি দিয়ে ।

             বৰফ এটুকুৰাক তাপ দিলে পানীলৈ পৰিৱৰ্তন হয় ।

(৬) তাপ শক্তিৰ উৎস কাক বোলে ? তাপ শক্তিৰ কেইবিধমান উৎসৰ         নাম লিখা ।

উত্তৰঃ যি বোৰ বস্তুৰ পৰা তাপ পোৱা যায় তাকে তাপ শক্তিৰ উৎস বোলে ।যেনে- কাঠ, কয়লা, প্ৰেট্ৰ’ল, ডিজেল,কিছুমান গেছ, কেৰাছিন আদি ।

(৭) উষ্ণতা কিহৰ জোখ ?

উত্তৰঃ বস্তু এটা কিমান তপত,উষ্ণতা তাৰে জোখ ।

তুলা ৰাশিৰ অসমীয়া ছোৱালীৰ নাম

(৮) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :

(ক) পোহৰ তাপ শক্তিৰ এটা ভাগ হয়/নহয় ।

উত্তৰঃ হয়।

(খ) সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই থাকিব/নাথাকিব ।

উত্তৰঃ নাথাকিব ।

(গ) তাপ কম উষ্ণাতাৰপৰা বেছি উষ্ণতালৈ নাযায়/যায় ।

উত্তৰঃ যায়।

(ঘ) ৰ’দ ওলালে দহ বজাত সূৰ্যৰ তাপ বাৰ বজাতকৈ কম/বেছি ।

উত্তৰঃ কম ।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment