পোহৰ পখিলা

পোহৰ পখিলা |অসম জাতীয় বিদ্যালয় | Chapter 5

Multiple Choice Question answers:

১। পোহৰ পখিলা কবিতাটোৰ কবিজনৰ নাম কি?

ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

খ) ৰবান্দ্ৰনাথ ঠাকুৰ

গ) আনন্দ চন্দ্ৰ আগৰৱালা

উত্তৰঃ ক) জ্য়োতিপ্ৰসাদ আগৰৱালা।

২। কোন দেশৰ পখিলা জাকে মোৰ ফুলনিত নাচে?

ক) জাপান দেশৰ

খ) পোহৰ দেশৰ

গ) অসম দেশৰ

উত্তৰঃ খ) পোহৰ দেশৰ

৩। কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে?

ক) চিৰ-সুন্দৰ নতুন আখৰ

খ) একা-বেঁকা আখৰ

গ) পোন আখৰ

উত্তৰঃ ক) চিৰ-সুন্দৰ নতুন আখৰ।

৪। পখিলাজাকৰ পাখিবোৰ কেনেকুৱা?

ক) কোমল পাখি

খ) ফুলাম পাখি

গ) টান পাখি

উত্তৰঃ খ) ফুলাম পাখি।

৫। কাক কবিয়ে ৰৈ ৰৈ উৰিবলৈ কৈছে?

ক) চৰাইক

খ) উৰা জাহাজক

গ) পোহৰ-পখিলাক

উত্তৰঃ গ) পোহৰ-পখিলাক।

৬। নতুন কিহৰ বুকু শিয়ৰিছে মুখত মিচিকি হাহিঁ?

ক) পোখালি

খ) ফুল

গ) কলি

উত্তৰঃ গ) কলি।

৭। লাহীৰ অৰ্থ কি?

ক) পাতল

খ) ডাঠ

গ) কোমল

উত্তৰঃ ক) পাতল।

৮। চানেকিৰ অৰ্থ কি?

ক) কাপোৰত চানেকি

খ) ফুলত কাপোৰৰ চানেকি

গ) বাগিচাত কাপোৰৰ চানেকি

উত্তৰঃ ক) কাপোৰত চানেকি।

৯। চিৰ-সুন্দৰৰ অৰ্থ কি?

ক) সৃষ্টিকৰ্তা

খ) ধ্বংসকৰ্তা

গ) নিমাৰ্ণকৰ্তা

উত্তৰঃ ক) সৃষ্টিকৰ্তা।

১০। ন-কৈ অৰ্থ কি?

ক) নতুনকৈ

খ) লাহেকৈ

গ) পুৰণাকৈ

উত্তৰঃ ক) নতুনকৈ।


পাঠভিত্তিক প্ৰশ্নোত্তৰ:

কবি পৰিচয় :- জ্যোতিপ্ৰসাদ আগৰৱালা:  ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চার বাগিচাত জন্ম গ্রহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য —সংস্কৃতিৰ সাধক। একেধাৰে কবি-গীতিকাৰ সুৰকাৰ আৰু নাট্যকাৰ, জীৱনীকাৰ আগৰৱালাদেৱৰ অসামান্য শিল্প সাধনাৰ বাবে তেওঁক ‘ৰূপকোঁৱৰ’ উপাধি দিয়া হৈছে। গীতি-ৰামায়ণ চন্দ্ৰকুমাৰ আগৰৱালা (জীৱনী) ইত্যাদি। তেওঁৰ শিশু উপযোগী পুথি। অসমীয়া বোলছবি (চিনেমা)ৰ পথ প্ৰদৰ্শক আগৰৱালাদেৱৰ ‘জয়মতীপ্ৰথম অসমীয়া কথাছবি। এইজনা কলা-সংস্কৃতিৰ অক্লান্ত সাধকৰ মাত্র ৪৭ বছৰ বসয়তে (১৯৫১ চনত) অকাল মৃত্যু ঘটে।

পোহৰ পখিলা |অসম জাতীয় বিদ্যালয় | Chapter 5

১। কবিতাটি মনত ৰাখাঁ।

২। প্রথমে কোৱাঁ, তাৰ পাছত লিখাঁ :

(ক) পখিলাজাক কোন দেশৰ ? আৰু কাৰ ফুলনিত নাচে ? 

উত্তৰঃ পখিলাজাক পোহৰ দেশৰ আৰু কবিৰ ফুলনিত নাচে।

(খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা ?

উত্তৰঃ পখিলাজাকৰ পাখিবোৰ ফুলাম। ৰঙা, নীলা, হালধীয়া বিবিধ ৰঙৰ। 

(গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে ? 

উত্তৰঃ ন- পখিলাৰ লাহী ভৰতেই ফুলৰ পুৰণি পাহি সৰি পৰিছে বুলি কবিয়ে কৈছে।

(ঘ) কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে ? 

উত্তৰঃ কবিয়ে পখিলাৰ পাখিত চিৰ-সুন্দৰ (সৃষ্টিকর্তা)ৰ একা বেঁকা আখৰ লিখা থকাৰ কথা কৈছে।

Tezpur University

৩। পঢ়া, বুজা আৰু লিখা :

ওপজা – নোপোজা।

হোৱা – নোহোৱা।

পোৱা – নোপোৱা।

যোৱা – নোযোৱা।

খোৱা – নোখোৱা।

গোৱা – নোগোৱা।

৩। বাক্য ৰচনা কৰা :

ৰৈ ৰৈ ― কুলিটিয়ে ৰৈ ৰৈ বিনাইছে। 

মনে মনে — শ্ৰেণীত মনে মনে থকা উচিত।

পাছে পাছে — গড়টোৰ পাছে পাছে পোৱালিটি গৈ আছে।

ঘৰে ঘৰে — দেৱালীত ঘৰে ঘৰে বন্তি জ্বলায়। 

হাঁহি হাঁহি ― প্ৰভাৱতীৰ কথাত হাঁহি হাঁহি থাকিব নোৱাৰি। 

গৈ গৈ ― তেওঁ গৈ গৈ যথাস্থান পালেগৈ। 

মাজে মাজে ― তাই মাজে মাজে আমাৰ তালৈ আহে।

কৈ কৈ ― তাক কৈ কৈ কাম এটা কৰাব নোৱাৰি।

৫। বাক্য ৰচনা কৰা :

পাই ― ৰাখীয়ে হেৰোৱা কলমটো পাই ভাল পালে।

পায় ― মায়ে মোক বৰ ভাল পায়।

খাই ― তেওঁ মাছৰ আঞ্জাখন খাই বৰ ভাল পালে। 

খায় ― তেওঁ সময়মতে ভাত খায়।

গাই ― ল’ৰাজনে গান গাই গাই ভাগৰি পৰিছে। 

গায় ― চিত্তয়ে বৰ ভাল গান গায়।

চাই ― তেওঁ টিভিৰ চিনেমা চাই বৰ ভাল পায়। 

চায় ― তেওঁ আজৰি পৰতহে টি. ভি. ৰ অনুষ্ঠান চায়।

৬। পঢ়া, বুজা আৰু লিখা :

মিচিকীয়া ― বতাহ।

মিচিকীয়া ― হাঁহি।

শুৱলা ― তামোল।

শুৱলা – মাত।

সুৰীয়া – হাঁহি।

সুৰীয়া — গান।

থুৰীয়া — মাত।

থুৰীয়া — তামোল।

ফিৰফিৰীয়া — গান।

ফিফিৰীয়া— বতাহ।

৭। পঢ়া, বুজা আৰু লিখা :

পথিলাটো ― পখিলাজাক।

গৰু ― গৰুজাক।

চৰাই ― চৰাইজাক। 

মানুহ — মানুহজাক, মানুহবোৰ।

শিক্ষক ― শিক্ষক বৃন্দ, শিক্ষকমণ্ডলী।

৮। পঢ়া আৰু বুজা :

ফুল ― ফুলাম।

জোন ― জোনাক।

ৰং ― ৰঙীণ।

খং ― খঙাল।

৯। একে অর্থ বুজোৱা শব্দ লিখা :

ফুল ― পুষ্প।

নতুন ― ন, নব্য।

পাখি ― ডেউকা।

পুৰণি ― প্রাচীন, পূৰ্বৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পখিলা কিহৰ ৰাণী ? পখিলাই কি কাৰণে নাচি ফুৰে ? 

উত্তৰঃ পখিলা প্ৰকৃতিৰ ৰাণী। ই ঈশ্বৰৰ অপৰূপ সৃষ্টি। মনৰ আনন্দত ফুলৰ মৌ চুহি পখিলাই প্রকৃতি জগতৰ সমূহ সৌন্দর্য উপভোগ কৰি নাচি ফুৰে।

২। (ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ? ছবিখনৰ নায়িকাগৰাকী কোন আছিল ? 

উত্তৰঃ প্রথম অসমীয়া কথাছবি ‘জয়মতী’ নায়িকা—আইদেউ সন্দিকৈ। 

(খ) আগৰৱালাদেৱ ৰচিত প্রথম গীতৰ কলিটি কি আছিল ? 

উত্তৰঃ ‘গছে গছে পাতি দিছে’ ফুলৰে শৰাই ………

ৰাম ৰাম………’।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment