সমাজ বিজ্ঞান |আন্তর্জাতিক সংস্থা |ৰাজনীতি| Question Answers

সমাজ বিজ্ঞান

সমাজ বিজ্ঞান

অতি চমু উত্তৰৰ প্ৰশ্নঃ

1. ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰঃ- ১৯১৪ চনৰ বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তর্জাতিক সংগঠন জাতিসংঘ’ৰ বিফলতাৰ পিছত ১৯৩৯ চনত সংঘটিত হ’ল দ্বিতীয় বিশ্বযুদ্ধ। বিশ্বযুদ্ধৰ ভয়াৱহতা আৰু অৱর্ণনীয় ধ্বংসলীলাই গোটেই বিশ্ববাসীক ভয়ার্ত কৰি তোলে বিশ্ববাসীক বা পৃথিৱীখনক যুদ্ধৰ পৰা ৰক্ষা কৰা আৰু শান্তি স্থাপনৰ বাবেই ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে। ৰাষ্ট্ৰসংঘ’ গঠন কৰা হয়।

2. ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ উল্লেখ কৰা দুটা উদ্দেশ্য হলঃ-
(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা,
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

3. ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ প্রধান অংগ ছয়টা ।
এই অংগ ছয়টা হ’ল-
(ক) সাধাৰণ পৰিষদ।
(খ) নিৰাপত্তা পৰিষদ।
(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ
(ঘ) ন্যাসৰক্ষী পৰিষদ
(ঙ) আন্তর্জাতিকন্যায়ালয়
(চ) সচিবালয়।।

4.ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হলঃ-
(ক) আন্তর্জাতিক শ্রমিক সংস্থা (International Labor Organization – ILO)
(খ) বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization- WHO

৫) নিৰস্ত্ৰীকৰণৰ কি? নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা কেইটামান চুক্তিৰ নাম লিখা

উত্তৰ: নিৰস্ত্ৰীকৰণৰ জড়িয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকীয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
১৯৫২চনত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল।

নিৰস্ত্ৰীকৰণ চুক্তি সমূহ

১)১৯৬৭ চনত ‘বহিঃ মহাকাশ চুক্তি’
২)১৯৬৮চনত ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’
৩) ১৯৭২ চনত ছল্ট-১
৪)১৯৭৯ চনত ছল্ট-২
৫) ১৯৯৬ চনত ১৫৮খন ৰাষ্ট্ৰৰ সমৰ্থনত হোৱা ” পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি”(CTBT )
ইত্যাদি।

৬) মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ- মানহ সভ্য জাতি হিচাপে জীয়াই থকাৰ বাবে কিছুমান অধিকাৰ থকাৰ প্রয়োজন। সংবিধান প্রদত্ত এনে অধিকাৰবোৰকে মানৱ অধিকাৰ বোলা হয়।

Long Questions: সমাজ বিজ্ঞান

১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা।

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হ’ল–
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত | দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।।
(গ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
(ঘ) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা।।

ৰাষ্ট্ৰসংঘৰ নীতিকেইটা হ’লঃ–
(ক) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।(খ) ৰাষ্ট্ৰসংঘৰ চনত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব। (গ) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰুন্যায়ত কোনাো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
(ঘ) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।
(ঙ) চনত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায়। কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।।
(চ) ৰাষ্ট্ৰসংঘইসদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।।

২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ।ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়।নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে।
স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল-

কোনো গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯ জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো দিলে সিদ্ধান্ত গ্রহণ নহয়।

৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ সমূহ‌ উল্লেখ কৰা।
উত্তৰ:
ক) বুজাবুজি আৰু আলাপ আলোচনাৰ মাজেদি যুদ্ধ বন্ধ কৰি মিমাংসা কৰা।
খ) নিৰস্ত্ৰীকৰণৰ জড়িয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকীয়া কৰা।
গ) মানৱ অধিকাৰ আয়োগ গঠন কৰা
ঘ) ৰাষ্ট্ৰসংঘই ইয়াৰ বিভিন্ন অংশসমূহ আৰু অন্যান্য অভিকৰণ সমূহৰ জড়িয়তে
বিশ্ব শান্তি আৰু সহযোগীতা বৃদ্ধি কৰি আছে।

8) ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

উত্তৰঃ- ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন হয়১৯৯৩ চনৰ ১২ অক্টোবৰত ।
১৯৯৪ চনৰ ৮জানুৱাৰীত সংৰক্ষণ আইনে’ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে।ইয়াৰ লগে লগে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হয়।
*ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনত। তলত উল্লেখ কৰা ধৰণে সদস্যসকল থাকিব লাগে*—

(ক) অধ্যক্ষজন উচচতম ন্যায়ালৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ হ’ব লাগিব।

(খ) উচ্চতম ন্যায়ালৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব লাগিব।।

(গ) যিকোনা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্তন্যায়াধীশ ইয়াৰ সদস্য হ’ব পাৰিব।।

(ঘ) ওপৰোক্ত ব্যক্তিসকলৰ উপৰিও দুজন মানৱ অধিকাৰৰ বিষয়ে অভিজ্ঞতা থকা লোক সদস্যৰূপে নির্বাচিত কৰিব।
এইবোৰৰ উপৰিও সংখ্যালঘুৰ জাতীয় আয়োগ, অনুসূচীত জাতি আৰু জনজাতীয় আয়োগ, মহিলা জাতীয় আয়োগৰ অধ্যক্ষসকলে মানৱ অধিকাৰ ভংগৰ বাবে দিয়া গোচৰৰ শুনানি ল’ব নোৱাৰিব।

ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্য আৰু ক্ষমতাসমূহ হল—

(ক) যদি কোনো ব্যক্তিয়ে মানৱ অধিকাৰ লংঘন কৰে নাইবা লংঘন কৰিবলৈ উচটনি দিয়ে নাইবা কোনো চৰকাৰী বিষয়াই এনে অধিকাৰ লংঘনক বাধা দিবলৈ অৱজ্ঞা কৰে, তেন্তে তাৰবলি হোৱা লোকেনাইবা তেওঁৰ হৈঅন্য লোকে আবেদন কৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে তাৰ বিচাৰ কৰিব।

(খ) কোনো ন্যায়ালয়ত মানৱ অধিকাৰ লংঘনৰ বিপক্ষে কোনো গোচৰ চলি থাকিলে সেইন্যায়ালয়ৰ অনুমতি সাপেক্ষে আয়োগে হস্তক্ষেপ কৰিব পাৰে।

(গ) সংবিধানে দিয়া মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ পর্যালোচনা কৰি প্রয়োজন হলে তাৰ বাবে পৰামর্শ দিব। পাৰে।

(ঘ) ৰাজ্যিক চৰকাৰৰ তত্বাৱধানত থকা কাৰাগাৰ পৰিদৰ্শন কৰি বন্দীসকলৰ অৱস্থাৰ বুজ ল’ব পাৰে। প্রয়োজন সাপেক্ষ তাৰ কিবা পৰিবৰ্তন কৰিবলগীয়া থাকিলে পৰামর্শ দিব পাৰে।

(ঙ) তেওঁ সন্ত্রাসবাদৰ বিৰুদ্ধে প্রয়োগ কৰা কার্য ব্যৱস্থাৰো পর্যালোচনা কৰিব পাৰে।

(চ) মানৱ অধিকাৰৰ ক্ষেত্ৰত কৰা কোনো আন্তর্জাতিক সন্ধি আদিৰো পর্যালোচনা কৰিব পাৰে।

(ছ) কোনো চৰকাৰী সংস্থাই মানৱ অধিকাৰ ৰক্ষাৰ বাবে কাম কৰিলে তাক উৎসাহ প্রদান কৰিব লাগে।

চমু প্রশ্ন উত্তৰ:

1. প্রঃ ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখত পালন কৰা হয় ?
উত্তৰঃ- ৰাষ্ট্ৰসংঘ দিৱস ২৪ অক্টোবৰ তাৰিখত পালন কৰা হয়

2. প্রঃ ৰাষ্ট্ৰসংঘ’ নামৰ আন্তর্জাতিক সংস্থাটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ- ১৯৪৫ চনৰ ২৪ অক্টোবৰত।

3. প্রঃ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ- ১৯৩৯ চনত।

4. প্রঃ ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য লিখা।।
উত্তৰঃ- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

5. প্রঃ ৰাষ্টংসঘৰ এটা নীতিৰ কথা উল্লেখ কৰা।
উত্তৰঃ
সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।

6. প্রঃ ৰাষ্ট্ৰসংঘৰ ন্যাস পৰিষদৰ এটা উদ্দেশ্য লিখা।
উত্তৰঃ- ন্যাস পৰিষদৰ অন্তভুক্ত, দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষৰ ক্ষেত্ৰত আগবঢ়াইনি স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা।

7. প্রঃ ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় ক’ত?
উত্তৰঃ- আমেৰিকাৰ নিউয়র্ক চহৰত।।
8. প্রঃ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ অংগটো কি?
উত্তৰঃ- সাধাৰণ সভা।।

9. প্রঃ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ এটা কার্য লিখা।
উত্তৰঃ- আন্তঃৰাষ্ট্রীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আদি সমস্যা সমাধান কৰা।।

10. ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতা থকা দেশ ৫ খনৰ নাম লিখা।
উত্তৰঃ
i) আমেৰিকা,
ii) ফ্রান্স
iii) ইংলেণ্ড (গ্ৰেট বৃটেইন)
iv) ৰাছিয়া আৰু
v) চীন।

11. প্রঃ আন্তঃর্জাতিক মানৱ অধিকাৰ আয়োগৰ এটা উদ্দেশ্য লিখা।
উত্তৰঃ- বিশ্বৰ নাগৰিক জীৱন যাত্ৰাৰ মান উন্নত কৰা আৰু মর্যাদাপূর্ণ জীৱন-যাপনৰ পথ প্রসস্ত কৰা কৰা।।

12. প্রঃ ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা অংগৰ নাম লিখা।
উত্তৰঃ-

(a) নিৰাপত্ত পৰিষদ আৰু

(b) সাধাৰণ সভা।

13. প্রঃ ভাৰত বৰ্ষত মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ’বলৈ হলে কোনটো চর্ত পূৰণ হ’ব লাগিব?
উত্তৰঃ- উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হব লাগিব।

14. প্রঃ নিৰাপত্তা পৰিষদ কেইখন সদস্যৰে গঠিত?
উত্তৰঃ- তিনিধৰণৰ সদস্যৰে গঠিত।

15. প্রঃ আন্তর্জাতিক ন্যায়ালয়ৰ এটা কার্য উল্লেখ কৰা।
উত্তৰঃ- আন্তর্জাতিক ন্যায়লয়ৰ কাৰ্য হ’ল—ৰাষ্ট্রসমূহে উত্থাপিত কৰা গোচৰসমূহ নিষ্পত্তি কৰা।

16. প্রঃ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন। হৈছিল?
উত্তৰঃ- ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে।

17. প্রঃ সচিবালয়ৰ এটা কার্য উল্লেখ কৰা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্তক কার্যকৰী কৰা।

18. প্রঃ ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কোনে নিয়োগ কৰে?
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক নিয়োগ কৰে।

19. প্ৰঃ ৰাষ্ট্ৰসংঘৰ বর্তমান সচিব প্রধানজনৰ নাম কি?
উত্তৰঃ- এনটনিও গুটেৰেছ

20. প্রঃ এছিয়া পেচিফিক ইকনমিক কৰ্প’ৰেনৰ প্রধান কার্যালয় কত অৱস্থিত ?
উত্তৰঃ- ছিংগাপুৰত।।

21. প্রঃ নর্থ আটলান্টিক ট্রিটি অর্গেনাইজেচন’ৰ প্রধান কার্যালয় ক’ত অৱস্থিত ?
উত্তৰঃ- ব্ৰুচেল।

22. প্রঃ এমেনষ্টি ইণ্টাৰনেচনেলৰ মুখ্য কার্যালয় কত অৱস্থিত?
উত্তৰঃ- লণ্ডনত।

23. প্রঃ ইণ্টাৰনেছনেল ক্রিকেট কাউন্সিলৰ প্রধান কার্যালয় ক’ত অৱস্থিত?H.S.L.C.2018
উত্তৰঃ- ডুবাইত।।

24. প্রঃ ‘ফিফা’ৰ মুখ্য কার্যালয়ত ক’ত অৱস্থিত?
উত্তৰঃ- জুৰিক চহৰত।

25. প্রঃ এছচিয়েচন অব ছাউথ-ইষ্ট— এছিয়াৰ নেচনৰ কার্যালয় ক’ত অৱস্থিত? H.S.L.C.2018
উত্তৰঃ- জাকার্টা।।

চমু উত্তৰৰ প্রশ্নঃ সমাজ বিজ্ঞান

1. প্রঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা।।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য তলত দিয়া হলঃ-
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰা।

2. প্রঃ আন্তর্জাতিক ন্যায়ালয়ৰ দুটা কার্য উল্লেখ কৰা।
উত্তৰঃ- আন্তর্জাতিক ন্যায়ালয়ৰ দুটা কার্য হ’ল~
(ক) ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিবাদ মীমাংসা কৰা।
(খ) এই ন্যায়ালয়ে আন্তর্জাতিক সীমা, চুক্তি আদিৰ ব্যাখ্যা আগবঢ়াব পাৰে।

3. প্ৰঃ ৰাষ্ট্ৰসংঘৰ দুটা নীতি উল্লেখ কৰা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ দুটা নীতি হল—
(ক) ৰাষ্ট্ৰসংঘৰ চনত উল্লেখ থকা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
(খ) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰা হ’ব।

4. প্রঃ সাধাৰণ সভাৰ গঠন সম্পর্কে এটি টোকা লিখা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰতিটো সদস্য ৰাষ্ট্ৰই পাঁচজন সদস্য পঠাব লাগে। কিন্তু প্রত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্রদান কৰিব পাৰে। সাধাৰণ সভাৰ বৈঠক বছৰত এবাৰকৈ বহে। সাধাৰণ সভা বৃহৎ আকাৰৰ হোৱা বাবে কেইবাটাও কমিটিৰ জৰিয়তে সাধাৰণ সভাই কার্যসমূহ পৰিচালনা কৰে।

5. প্রঃ ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ দুটা কার্য লিখা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ দুটা কার্য হ’ল—
(ক) আন্তর্জাতিক চুক্তিসমূহৰ এজন তত্বাৱধায়ক হিচাপে দায়িত্ব পালন কৰে।
(খ) সাধাৰণ পৰিষদৰ সকলো অধিবেশনতে সভাপতিত্ব কৰে।।

6. প্রঃ মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ- দেশ এখনৰ নাগৰিকসকলে সভ্য জীৱন-যাপন। কৰিবলৈ যিখিনি সা-সুবিধাৰ প্ৰয়োজন সেই সুবিধা বা অধিকাৰ বোৰক ভোগ কৰিব পোৱাকে ‘মানৱ অধিকাৰ বুলি কোৱা হয়।

7. প্রঃ সাধাৰণ পৰিষদৰ দুটা কার্য লিখা।
উত্তৰঃ- সাধাৰণ পৰিষদৰ দুটা কার্য হ’ল—
(ক) ৰাষ্ট্ৰসংঘৰ চনদত সকলো বিষয়ৰ ওপৰত সাধাৰণ পৰিষদে আলোচনা কৰিব আৰু নিৰাপত্তা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰে।
(খ) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে কিছুনীতি নির্ধাৰণ কৰিব পাৰে।
তদুপৰি সদস্য ৰাষ্ট্ৰৰ মাজত সহযোগিতা বৃদ্ধি, অস্ত্রশস্ত্র সংকোচন আদিৰ বাবেও সাধাৰণ পৰিষদেনীতি নিৰ্দ্ধাৰণ কৰিব লাগে।

8. প্রঃ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ তিনিটা কার্য উল্লেখ কৰা।।
উত্তৰঃ- অর্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্য তিনিটা তলত উল্লেখ কৰা হ’ল—
(ক) সকলো অর্থনৈতিক, সামাজিক আৰু স্বাস্থ্য সম্পর্কীয় আন্তর্জাতিক সমস্যাসমূহ সমাধান কৰা।
(খ) সাংস্কৃতিক আৰু শিক্ষাৰ ক্ষেত্ৰত আন্তর্জাতিক সহযোগিতাৰ বাবে কাম কৰা।
(গ) জীৱন ধাৰণৰ মান উন্নয়ন, নিবনুৱা সমস্যাৰ সমাধান কৰা, সামাজিক আৰু অর্থনৈতিক উন্নয়ন সাধন কৰা।

9. প্রঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখা কিমান? স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা।।
উত্তৰঃ- নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্রৰ সংখ্যা পাঁচ। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল– (ক) ইংলেণ্ড, (খ) আমেৰিকা, (গ) চীন, (ঘ) ৰাছিয়া আৰু (ঙ) ফ্রান্স।

10. প্রঃ ৰাষ্ট্ৰসংঘৰ উপৰি বর্তমান বিশ্বত থকা কেইটামান গুৰুত্বপূৰ্ণ আন্তর্জাতিক অনুষ্ঠানৰ নাম মুখ্য কার্যালয় থকা ঠাইৰ নামৰ সৈতে লিখা।
উত্তৰঃ-
আন্তর্জাতিক অনুষ্ঠানৰ নাম মুখ্য কার্যালয়
(ক) কমনৱেলহ্ অহ্ নেছনছঃ লণ্ডন

(খ) এমনেষ্টি ইণ্টাৰনেছনেলঃ লণ্ডন

(গ) (NATO) নর্থ আটলান্টিক ট্রিটি অর্গেনাইজেছনঃ ব্রুচেলছ

(ঘ)ইণ্টাৰনেচনেল ৰিনিউৱেল এনার্জি এজেন্সিঃ ইউ এ. আই.

(ঙ)এছিয়া পেচিপিক ইকনমিক কর্পোৰেচনঃ ছিংগাপুৰ

(চ) এছ’চিয়েচন অব ছাউথ-ইষ্ট-এছিয়ান নেছনঃ জাকাটা

(ছ) ইণ্টাৰনেছনেল ক্রিটেক কাউন্সিলঃ ডুবাই
(জ) ফিফা (FIFA)ঃ জুৰিক

(ঝ) ৱর্ল্ড ইকনমিক ফ’ৰামঃ জেনেভা

(ঞ) ইণ্টাৰনেচনেল হকী ফেডাৰেছনঃ লৌচে

প্রঃ ভেটো কি?
উত্তৰ:নিৰাপত্তা পৰিষদৰ একোটা সিদ্ধান্তৰ বাবে সকলো স্থায়ী সদস্যৰ সন্মতিৰ প্রয়োজন।স্থায়ী সদস্য ৰাষ্ট্ৰৰ যিকোনো এখন ৰাষ্ট্ৰই অমত হলে বাকী সকলো ৰাষ্ট্ৰই মিলি লোৱা সিদ্ধান্ত বাতিল হয়। স্থায়ী সদস্যৰ থকা এই ক্ষমতাকে ‘ভেটো’ বুলি কোৱা হয়।

11. তলত দিয়াবোৰৰ সম্পূর্ণ নাম লিখা। (ক) UNESCO (খ) UNICEF । (গ) WHO (ঘFAO (ঙ) IMF

উত্তৰঃ-
(ক) UNESCO = United Nation Educational Scientific and Cultural Organisation. (ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠান)

(খ) UNICEF = United Nations International Children’s Emergeny Fund. (ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক শিশুৰ জৰুৰী পুঁজি)

(গ) WHO: World Health Organisation. (বিশ্ব স্বাস্থ্য সংস্থা)

(ঘ) FAO : Food and Agriculture Organisation. (খাদ্য আৰু কৃষি পৰিষদ)

(C) IMF: International Monetary Fund. (আন্তর্জাতিক মুদ্রা নিধি)।

12. প্রঃ বিশ্বক যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰসংঘই সম্পাদন কৰা যিকোনো পাঁচটা চুক্তিৰ নাম লিখা।।
উঃ গোটেই বিশ্বক যুদ্ধ মুক্ত কৰাৰ বাবে ৰাষ্ট্ৰসংঘই সম্পাদন কৰা পাঁচখন চুক্তি হল
(ক) আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি।
(খ) পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি।
(গ) সমুদ্রতলি নিয়ন্ত্রণ চুক্তি। (ঘ) বহিঃমহাকাশ চুক্তি।
(ঙ) পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি

13.প্রঃ ৰাজ্যসংঘ কেনেকৈ গঠিত হৈছিল লিখা।
উত্তৰঃ- ১৯৩৯ চনত আৰম্ভ হৈ ১৯৪৫ চনত সামৰণি পৰা দ্বিতীয় বিশ্ব যুদ্ধত পৃথিৱীৰ প্রায় সকলোবোৰ ৰাষ্ট্রই যোগদান কৰে। প্রথম বিশ্বযুদ্ধতকৈ দ্বিতীয় বিশ্বযুদ্ধ আছিল অধিক প্রলয়ংকাৰী আৰু সংহাৰকাৰী।এই বিশ্বযুদ্ধখনতেই আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰৰাছিমা আৰুনাগাছাকিত পেলোৱা আণৱিক বোমাই জাপানত নিমিষতে বহুত মানুহৰ প্রাণ কাঢ়ি নিছিল। এই যুদ্ধখন চলি থকা অৱস্থাতেই কেইখনমান দেশৰ নেতৃবৃন্দই যুদ্ধৰ সামৰণি পেলোৱা আৰু ভৱিষ্যতৰ বাবে যুদ্ধ নাইকীয়া কৰাৰ চিন্তা-চৰ্চা কৰিছিল। ১৯৪১ চনৰ জুন মাহত ইংলেণ্ড, কানাডা, অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই ‘লণ্ডন ঘোষণা’ নামৰ এক ঘোষণাপত্ৰত চহীকৰে।এই ঘোষণাপত্ৰত বিশ্বত স্থায়ী শান্তি আৰু অর্থনৈতিক তথা সামাজিক নিৰাপত্তাৰ কথা কোৱা হৈছিল।সেই একেবছৰৰ আগষ্ট মাহত ‘আটলান্টিক চনদ’ নামৰ এখন ঘোষণা পত্ৰত সেইসময়ৰ মার্কিন ৰাষ্ট্রপতি ৰুজভেল্ট আৰু বৃটিছ প্রধানমন্ত্রী চার্চিলে চহী কৰে। এই ঘোষণা পত্ৰত বিশ্ব শান্তি স্থাপনৰ বাবে কিছুমান নীতি সন্নিৱিষ্ট কৰা হৈছিল। এই আটলান্টিক চনদখনে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত নতুনকৈ এটা আন্তর্জাতিক অনুষ্ঠান খোলৰ পথ সুগম কৰি তোলে ১৯৪৩ চনৰ। নৱেম্বৰ মাহত মার্কিন যুক্তৰাষ্ট্র, ছোভিয়েট ইউনিয়ন আৰু ইংলেণ্ডৰ বিদেশ মন্ত্রীসকলৰ এখন সভা মস্কোনগৰতবহে।এই সভাত এখন আন্তর্জাতিক অনুষ্ঠান গঠনৰ বাবে আলোচনা কৰা হয়।ইয়াক মস্কো ঘোষণা’ নামেৰে জনা যায়।ইয়াৰ পাছত চার্চিল, ৰুজভেল্ট আৰু ষ্টেলিনে তেহণ চহৰত মিলিত হয় আৰু আন্তর্জাতিক সংস্থা এটা গঠনৰ। অনুকূলে মত প্রকাশ কৰে।এই প্রস্তাৱক কার্যকৰী ৰূপ দিবৰ বাবে হাভার্ড বিশ্ববিদ্যালয়ৰ ডাম্বাটন ওৱাছনামৰ ভৱনটিত ইংলেণ্ড, মার্কিন যুক্তৰাষ্ট্র, চীন আৰু ছোভিয়েট ইউনিয়নৰ প্রতিনিধিসকল মিলিত হয়।এই আলোচনা।১৯৪৪ চনৰ ২১ আগষ্ট তাৰিখত অনুষ্ঠিত হয়।এই অনুষ্ঠানতে এক নতুন বিশ্ব সংস্থা গঠনৰ প্ৰস্তাৱ লোৱা হয়।পিছত ১৯৪৫ চনৰ এপ্রিল মাহৰ ২৬ তাৰিখে বিশ্বৰ ৫১ খন দেশৰ ২৬০ গৰাকী প্রতিনিধি ‘ছানফ্রান্সিছ’নগৰতমিলিত হয়। এই প্রতিনিধিসকলে ১৯৪৫ চনৰ ২৪ অক্টোবৰতাৰিখে। ৰাষ্ট্ৰসংঘ চনদ’ গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘ’ নামৰ নতুন বিশ্ব সংস্থা এটা গঠন কৰে। এইদৰে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হয়।

14. প্রঃ ভাৰত্ৰ মানৱ অধিকাৰ আয়োগৰ তিনিটা কার্য লিখা।
উত্তৰঃ- ভাৰতমানৱ অধিকাৰ আয়োগৰ তিনিটাকার্যহল—
(ক) মানৱ অধিকাৰ লংঘন কৰিবলৈ উচতনি দিয়া নাইবা লংঘন কৰা কাৰ্যক চৰকাৰী বিষয়াই বাধা দিবলৈ অস্বীকাৰ কৰা কাৰ্যৰ বিচাৰ কৰা।
(খ) সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত আন্তর্জাতিক সহযোগিতাৰ বাবে কাম কৰা।।
(গ) জীৱন ধাৰণৰ মান উন্নয়ন, নিবনুৱা সমস্যাৰ সমাধান, আৰু অর্থনৈতিক উন্নয়ন সাধন কৰা,


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

2 thoughts on “সমাজ বিজ্ঞান |আন্তর্জাতিক সংস্থা |ৰাজনীতি| Question Answers”

Leave a Comment