আমাৰ যান-বাহন |Class 3 Environment Chapter 6 | Assamese Medium

Class 3 Environment Chapter 6

Table of Contents

আমাৰ যান-বাহন

১। উত্তৰ লিখা–

(ক) তিনিখন যান-বাহনৰ নাম লিখা।

উত্তৰঃ তিনিখন যান-বাহনৰ নাম হ’ল— অম্বুলেন্স, ডাক-ঘৰৰ ৰঙা গাড়ী আৰু স্কুল বাছ।

(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে?

উত্তৰঃ ৰিক্সা, বাইক আৰু স্কুটি।

(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম হৈছে— ঘোঁৰা গাড়ী আৰু গৰু গাড়ী।

(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম হ’ল— ঘোঁৰা গাড়ী, ঠেলা গাড়ী আৰু গৰু গাড়ী।

(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়?

উত্তৰঃ যান-বাহনৰ পৰা আমাৰ বহুত সুবিধা হয়। বাছত উঠি দূৰৰ ঠাইলৈ যাব পাৰি। কম দূৰত্বৰ ঠাইলৈ ৰিক্সা আৰু চাইকেলেৰে অহা-যোৱা কৰা হয়। মালবাহী ৰে’ল-গাড়ীৰে বহুত দূৰলৈ বয়-বস্তু অনা-নিয়া কৰিব পাৰি।

বৃষ ৰাশিৰ ল’ৰা-ছোৱালীৰ নাম

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা—

‘ক’‘খ’
মটৰ-গাড়ীআকাশত উৰে।
উৰা-জাহাজমাটিৰ চলে।
ফেৰীজুই নুমোৱাত সহায় কৰে।
মালবাহী ৰে’লপানীত চলে।
অগ্নিনিৰ্বাপক গাড়ীবস্তু অনা-নিয়া কৰে।

উত্তৰঃ

‘ক’‘খ’
মটৰ-গাড়ীমাটিত চলে।
উৰা-জাহাজআকাশত উৰে।
ফেৰীপানীত চলে।
মালবাহী ৰে’লবস্তু অনা-নিয়া কৰে।
অগ্নিনিৰ্বাপক গাড়ীজুই নুমোৱাত সহায় কৰে।

৩। খালী ঠাই পূৰ কৰা—

(ক) ট্ৰাকেৰে________________ দূৰলৈ কঢ়িওৱা হয়।

উত্তৰঃ বয়-বস্তু।

(খ) ঘোঁৰা-গাড়ীৰে___________________ অনা-নিয়া কৰা হয়।

উত্তৰঃ বয়-বস্তু।

৪। তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা। (বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ)

উত্তৰঃ বিদ্যালয়লৈ চাইকেলেৰে, নৈৰ সিপাৰলৈ নাওৰে আৰু দিল্লীলৈ উৰা-জাহাজৰে।

৫। বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।


Class 3 Environment Chapter 6 Old

শৰীৰৰ যতন

১। খালী ঠাই পূৰ কৰা :

(ক) আহাৰ নাখালে আমি কাম কৰিবলৈ –––––– নাপাওঁ।

উত্তৰ : আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ।

(খ) –––––– শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে।

উত্তৰ : পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে।

(গ) নিয়মীয়াকৈ খেলা-ধূলা আৰু –––––– শৰীৰ সবল হয়। 

উত্তৰ : নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়।

(ঘ) সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক ––––– পৰা ৰক্ষা কৰে।

উত্তৰ : সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে।

২। শুদ্ধ বাক্যটোত ‘✓’ চিন দিয়া :

(ক) আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। 

উত্তৰ : ✓

(খ) ‘সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। 

উত্তৰ : ✓

(গ) কাটি থোৱা ফল-মূল বহু সময় ৰাখি থৈ খাব লাগে। 

উত্তৰ : X

(ঘ) আলুৰ চিপ্‌ছ, শীতল পানীয়, আইচক্রীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী।

উত্তৰ : X

(ঙ) দূষিত পানীয়ে শৰীৰত বেমাৰৰ সৃষ্টি কৰে।

উত্তৰ : ✓

প্রশ্ন ৩। শুদ্ধ উত্তৰ বাছি উলিওৱা :

(ক) কোনবিধ খোৱাবস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ সেউজীয়া –––––শাক-পাচলি/মধুৰিআম/ভাত।

উত্তৰ : ভাত।

(খ) কি কৰিলে আমাৰ শৰীৰ সবল হয় –––––শুই থাকিলে/বহি থাকিলে/ব্যায়াম কৰিলে।

উত্তৰ : ব্যায়াম কৰিলে।

(গ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো ডাঙৰ-দীঘল হোৱাত সহায় কৰে –––––শিলিখা/আমলখি/ গাখীৰ।

উত্তৰ : গাখীৰ।

(ঘ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে –––––মাংস/ত্রুটি/কলডিল।

উত্তৰ : কলডিল।

প্রশ্ন ৪। আহাৰত খোৱা কি কি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায় লিখা।

উত্তৰ : আহাৰত খোৱা চিৰা, পিঠা, মাখন, ঘিউ, ভাত, ৰুটি আদি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায়।

প্রশ্ন ৫। বিদ্যালয়ৰ বছৰেকীয়া খেল-ধেমালিত তোমালোকে কি কি খেল খেলা লিখা।

উত্তৰ : লুকা-ভাকু, বল দৌৰ, ফুটবল আদি খেল খেলো।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। কি কি খাদ্যবস্তুয়ে আমাৰ শৰীৰ ডাঙৰ-দীঘল হোৱাত সহায় কৰে।

উত্তৰ : মটৰ মাহ, দাইল, উৰহী, গাখীৰ, কণী, মাছ, মাংস আদি আমাৰ শৰীৰ ডাঙৰ-দীঘল হোৱাত সহায় কৰে।

প্রশ্ন ২। কি কি খাদ্যবস্তুয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে ?

উত্তৰ : শিলিখা, আমলখি, সুমথিৰা, গাজৰ, মধুৰিআম, কলডিল, সেউজীয়া শাক-পাচলি আদি আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে।

প্রশ্ন ৩। আমাৰ প্ৰধান খাদ্য কি ?

উত্তৰ : আমাৰ প্ৰধান খাদ্য হ’ল – ভাত, রুটি, দাইল, গাখীৰ, কণী মাছ, মাংস, সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফলমূল। 

প্রশ্ন ৪। কি কি খাদ্যবস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী লিখা।

উত্তৰ : আলুৰ চিপছ শীতল পানীয়, আইচক্রীম আদি খাদ্যবস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী।

প্রশ্ন ৫। স্বাস্থ্য ভালে ৰাখিবলৈ চাৰিটা নীতি-নিয়ম লিখা। 

উত্তৰ : (১) পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। 

(২) য’তে-ত’তে থু-খেকাৰ পেলাব নালাগে। 

(৩) পৰিষ্কার শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। 

(৪) নথ, চুলি চুটিকৈ কাটিব লাগে। 

প্রশ্ন ৬। শোধন কৰা কাক বোলে ?

উত্তৰ : খাল-বিল, নৈ, পুখুৰী আদিৰ পানীত বোকা, বালি, জাবব-জোঁথৰ আদি বিভিন্ন বস্তু মিহলি হৈ পানী দূষিত হয়। এনে পানী খোৱাৰ বাবে উপযোগী কৰিবলৈ হ’লে তাত মিহলি হৈ থকা বেয়া বস্তুসমূহ আঁতৰ কৰিব লাগে। সেই কামটোক শোধন কৰা বোলে।

প্রশ্ন ৭। আহাৰৰ আমাৰ কিয় প্রয়োজন ?

উত্তৰ : শৰীৰ ডাঙৰ-দীঘলে হ’বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ আমাৰ আহাৰৰ প্ৰয়োজন।

প্রশ্ন ৮। খালী ঠাই পূৰ কৰা :

(ক) সদায় পৰিষ্কাৰ আৰু –––––পানীহে খাব লাগে।

উত্তৰ : সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। 

(খ) খোৱা বস্তু সদায় ভালদৰে –––––ৰাখিব লাগে।

উত্তৰ : খোৱা বস্তু সদায় ভালদৰে ঢাকি ৰাখিব লাগে। 

(গ) ––––– বাচন বৰ্তনতহে আহাৰ খাব লাগে। 

উত্তৰ : পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে। 

(ঘ) ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত ––––– ঘঁহিব লাগে।

উত্তৰ : ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত দাঁত, ঘঁহিব লাগে।

(ঙ) ভাত আমাৰ ––––– খাদ্য ৷

উত্তৰ : ভাত আমাৰ প্রধান খাদ্য।

(চ) উৰহী আমাৰ শৰীৰ ––––– হোৱাত সহায় কৰে। 

উত্তৰ : উৰহী আমাৰ শৰীৰ ডাঙৰ-দীঘল হোৱাত সহায় কৰে।

প্রশ্ন ৯। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) আমাৰ শৰীৰটোক শক্তি যোগায়—মাংস/ঘিউ/গাজৰ।

উত্তৰ : আমাৰ শৰীৰটোক শক্তি যোগায়—ঘিউ। 

(খ) আমাৰ শৰীৰটোক ডাঙৰ-দীঘল হোৱাত সহায় কৰে ―ভাত/মধুৰিআম/মাছ। 

উত্তৰ : আমাৰ শৰীৰটোক ডাঙৰ-দীঘল হোৱাত সহায় কৰে—মাছ।

(গ) শাক-পাচলি, ফল-মূল আদি ধুই খাব নালাগে/লাগে।

উত্তৰ : শাক-পাচলি, ফল-মূল আদি ধুই খাব লাগে। 

(ঘ) শৌচ কৰাৰ পাচত চাবোনেৰে পৰিষ্কাৰকৈ হাত-ভৰি ধুব লাগে/নালাগে। 

উত্তৰ। শৌচ কৰাৰ পাচত চাবোনেৰে পৰিষ্কাৰকৈ হাত-ভৰি ধুব লাগে। 

(ঙ) আলুৰ চিপছ, শীতল পানীয় স্বাস্থ্যৰ বাবে উপকাৰী/অপকাৰী।

উত্তৰ : আলুব চিপছ, শীতল পানীয় স্বাস্থ্যৰ বাবে অপকাৰী।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment