আমাৰ বিদ্যালয় | Class 3 Environment Chapter 8 |Assamese Medium

Class 3 Environment Chapter 8

আমাৰ বিদ্যালয়

১। উত্তৰ লিখা–

(ক) অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা।

উত্তৰঃ অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো বিদ্যালয়ৰ শ্ৰেণীকোঠাবোৰ আহল-বহল। বতাহ অহা-যোৱা কৰিব পৰা দুৱাৰ-খিৰিকী আৰু ভন্টিলেটৰৰ সু-ব্যৱস্থা আছে।

(খ) দিশ কেইটা আৰু কি কি?

উত্তৰঃ দিশ চাৰিটা। 

সেইকেইটা হ’ল— পূব, পশ্চিম, উত্তৰ, দক্ষিণ।

(গ) তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজৰ ঘৰৰ চাৰিসীমাটো লিখা।

(ঘ) গাখীৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়?

উত্তৰঃ গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্যৱহাৰ কৰা হয়।

২। তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা।

৩। খালী ঠাই পূৰ কৰাঃ

(ক) জুলীয়া বস্তু জুখিবলৈ আমি_________ ব্যৱহাৰ কৰোঁ।

উত্তৰঃ লিটাৰ

(খ) গোটা বস্তু জুখিবলৈ আমি___________ ব্যৱহাৰ কৰোঁ।

উত্তৰঃ দগা।

(গ) মানুহৰ জ্বৰ জোখা যন্ত্ৰটোৰ নাম____________।

উত্তৰঃ থাৰ্মমিটাৰ

(ঘ) গোটা বস্তুৰ ওজনক___________ বুলি কোৱা হয়।

উত্তৰঃ কিলোগ্ৰাম।

(ঙ) বতৰ চাবলৈ___________ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বেৰ’মিটাৰ।

৪। স্কেল ব্যৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে স্কেল ব্যৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।

৫। এখন প্রাকৃতিক দৃশ্যৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে প্রাকৃতিক দৃশ্যৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।

Guwahati University CGPA to Percentage Calculator


Class 3 Environment Chapter 8

আমাৰ অনুষ্ঠান-প্রতিষ্ঠান

প্রশ্ন ১। উত্তৰ লিখা :

(ক) ডাকঘৰৰ চিঠি-পত্র বিলোৱা মানুহজনক কি বোলে?

উত্তৰ : ডাকোৱাল বা পোষ্টমেন বোলে। 

(খ) ৰোগীবিলাকক কোন প্রতিষ্ঠানত চিকিৎসা কৰা হয়?

উত্তৰ : চিকিৎসালয়ত চিকিৎসা কৰা হয়।

(গ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে?

উত্তৰ : চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু ৰোগীক চোৱা-চিতাৰ বাবে নাৰ্ছ থাকে। 

(ঘ) ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম লিখা।

উত্তৰ : টেলিগ্রাফ, টেলিফোন, ফেক্স আদি।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা :

(ক) ––––– যোগেদি চিঠি-পত্র অনা-নিয়া কৰা হয়।

উত্তৰ : ডাকঘৰৰ যোগেদি চিঠি-পত্র অনা-নিয়া কৰা হয়।

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে –––––আছে।

উত্তৰ : পশু-পক্ষীৰ চিকিৎসাৰ বাবে পশু-চিকিৎসালয় আছে। 

(গ) ––––– ৰ লোকে দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

উত্তৰ : আৰক্ষীৰ লোকে দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

(ঘ) ––––– ৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস। 

উত্তৰ : পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস। 

(ঙ) ধর্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু –––––উৎসৱ পালন কৰা হয়। 

উত্তৰ : ধর্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু ৰাজহুৱা ভাবে উৎসৱ পালন কৰা হয়।

প্রশ্ন ৩। তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়া। তোমাৰ বিদ্যালয়ৰ লগত যি কথা খাটে, সেইটো শব্দত ‘✓’ চিন দিয়া।

(ক) বিদ্যালয়ত জাৱৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে/নাই।

উত্তৰ : বিদ্যালয়ত জাবৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে/নাই। 

(খ) শৌচ-প্রস্রাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ আছে/নাই। 

উত্তৰ : শৌচ-প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ আছে/নাই।

(গ) খোৱাপানীৰ সুব্যবস্থা আছে/নাই। 

উত্তৰ : খোৱাপানীৰ সুব্যবস্থা আছে/নাই। 

(ঘ) বিদ্যালয়ৰ ঘৰটো ৰ’দঘাই/জেকা।

উত্তৰ : বিদ্যালয়ৰ ঘৰটো ৰ’দৰ্ঘাহ/জেকা।

(ঙ) পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই। 

উত্তৰ : পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই। 

প্রশ্ন ৪। তলত দিয়া কামবোৰ কোনবোৰ অনুষ্ঠানৰ যোগেদি কৰা হয় লিখা।

(ক) চিঠি-পত্র আদান-প্রদান কৰা অনুষ্ঠান।

উত্তৰ : ডাকঘৰ।

(খ) কিতাপ, আলোচনী আদি পঢ়িবৰ কাৰণে থকা অনুষ্ঠান। 

উত্তৰ : পুথিভঁৰাল।

(গ) আইন-শৃংখলা ৰক্ষা কৰা অনুষ্ঠান।

উত্তৰ : আৰক্ষী চকী।

(ঘ) সমূহীয়াভাৱে নামাজ পঢ়া অনুষ্ঠান।

উত্তৰ : মছজিদ। 

প্রশ্ন ৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা :

‘ক’‘খ’
(১) চিকিৎসালয়শিক্ষক-শিক্ষয়িত্রী
(২) ডাকঘৰডাক্তৰ
(৩) মছজিদপূজাৰী
(৪) আৰক্ষী চকীপোষ্টমাষ্টৰ
(৫) মন্দিৰমৌলবী
(৬) বিদ্যালয়আৰক্ষী বা পুলিচ

উত্তৰ :

‘ক’‘খ’
(১) চিকিৎসালয়ডাক্তৰ
(২) ডাকঘৰপোষ্টমাষ্টৰ
(৩) মছজিদমৌলবী
(৪) আৰক্ষী চকীআৰক্ষী বা পুলিচ
(৫) মন্দিৰপূজাৰী
(৬) বিদ্যালয়শিক্ষক-শিক্ষয়িত্রী

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। চাৰিটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰ : ডাকঘৰ, বিদ্যালয়, মছজিদ, চিকিৎসালয়।

প্রশ্ন ২। ডাকঘৰৰ যোগেদি কি কৰিব পাৰি ?

উত্তৰ : ডাকঘৰৰ যোগেদি চিঠি-পত্র অনা-নিয়া কৰাৰ টকা-পইচাৰো আদান-প্রদান কৰা হয়। 

প্রশ্ন ৩। তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম লিখা।

উত্তৰ : শিক্ষকৰ দ্বাৰা জানি লোৱা।

প্রশ্ন ৪। আৰক্ষীৰ তিনিটা কাম লিখা। 

উত্তৰ : (১) আৰক্ষীৰ লোকে দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

(২) আলিবাটৰ যান-বাহন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(৩) সমাজৰ অপকাৰ হোৱা কাম-কাজ কৰাত বাধা দিয়ে।

প্রশ্ন ৫। বিদ্যালয়ৰ কি কি কামত ৰাইজে সহায় কৰিব পাৰে। 

উত্তৰ : বিদ্যালয়ৰ ঘৰ-দুৱাৰ মেৰামতি কৰা, চৌহদত বেৰ দিয়া, খোৱাপানীৰ ব্যৱস্থা, শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰ্মাণ কৰা আদি কামত ৰাইজে সহায় কৰিব পাৰে।

প্রশ্ন ৬। বিদ্যালয়ত লিখা-পঢ়াৰ বাহিৰেও কি কি কাম কৰে? 

উত্তৰ : বিদ্যালয়ত লিখা-পঢ়াৰ বাহিৰেও নাচ-গান, খেল-ধেমালি, কবিতা-আবৃত্তি, তর্ক প্রতিযোগিতা আদি পতা হয়।

প্রশ্ন ৭। ডাকঘৰত থকা দুবিধ বা তিনিবিধ আধুনিক ব্যৱস্থাৰ নাম লিখা।

উত্তৰ : টেলিগ্রাফ, টেলিফোন আৰু ফেক্স।

প্রশ্ন ৮। ডাকঘৰৰ সকলোবোৰ কামকাজ চোৱা-চিতা কৰা মানুহজনক কি বোলে? 

উত্তৰ : পোষ্টমাষ্টৰ বোলে।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment