Assam Jatiya Bidyalay Class 3 Science Lesson 2
মাটি, শিল আৰু খনিজ পদাৰ্থ
Table of Contents
প্ৰশ্নাৱলী
(১) মাটি কি ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কোমল, সাৰুৱা অংশটোকে মাটি বোলে ।
(২) মাটিৰ ঘাই তৰপ কেইটা আৰু কি কি ?
উত্তৰঃ মাটিৰ ঘাই তৰপ দুটা। সেই কেইটা হ’ল- সাৰুৱা আৰু টান
(৩) মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি ?
উত্তৰঃ মাটি তিনি প্ৰকাৰৰ ।
ক) বালীয় মাটি,
খ) বোকা মাটি আৰু
গ) সাৰুৱা বা পলসুৱা মাটি ।
8) গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে ?
উত্তৰঃ গছ-গছনিয়ে শিপাৰে মাটি খামুচি ধৰি থাকে। সেইবাবে বৰষুনৰ পানীয়ে মাটি সহজে উটুৱাই নিব নোৱাৰে। তেতিয়া বতাহেও সহজে মাটি উৰুৱাই নিব নোৱাৰে। এনেদৰে গছ-গছনিয়ে মাটি সংৰক্ষণ কৰে।
(৫) মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন তাৰ দুটা কাৰণ লিখা ।
উত্তৰঃ মাটি প্ৰয়োজনৰ কাৰণ দুটা হ’ল
১) মাটিত মানুহে খেতি-বাতি কৰে। মানুহে খেতি-বাতিৰ পৰা সকলোবোৰ খোৱা বস্তু পায়।
২) মাটিত গছ-গছনি গজে। চৰাই-চিৰিকটিবোৰ গছ-গছনিতে থাকে। গছ-গছনি নাথাকিলে কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে।
(৬) মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয় লিখা ।
উত্তৰঃ মাটিৰ ঘাই তৰপ দুটা। সাধাৰণতে ওপৰৰ তৰপটো সাৰুৱা। ইয়াৰ বৰণ ছাঁইৰ দৰে । এই তৰপটো খেতিৰ বাবে উপযোগী । ঘাঁহ-বন, গছ-গছনি,খেতি-বাতি ওপৰৰ তৰপটোতে হয়।
জীৱ-জন্তু, ঘাঁহ-বন মৰি পঁচি মাটিৰ ওপৰৰ তৰপটোতে মিহলি হয়। পঁচি মিহলি হোৱা এইবোৰ বস্তুৱেই হিউমাছ। হিউমাছে মাটি সাৰুৱা কৰে। সেইবাবে মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি ভাল হয়।
(৬) মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয় লিখা।
উত্তৰঃ সাধাৰণতে মাটিৰ ওপৰৰ তৰপটো সাৰুৱা। ইয়াৰ বৰণ ছাইৰ দৰে। সেই কাৰণে মাটিৰ ওপৰৰ তৰপটো খেতি-বাতি ভাল হয়।
(৭) মাটিৰ উপাদান কেইটা কি কি ?
উত্তৰঃ মাটিৰ উপাদান দুটা। সেই কেইটা হ’ল
১) শিল,বালি আৰু বোকাৰ কণিকা
২) হিউমাছ।
(৮) বালীয়া মাটি কেনেকুৱা লিখা ।
উত্তৰঃ বালীয়া মাটিত বালিৰ পৰিমাণ বেছি। বোকা আৰু হিউমাছ কম থাকে। বালীয়া মাটি খহটা।
(৯) বোকা মাটি কেনেকুৱা লিখা ।
উত্তৰঃ যি মাটিত বোকাৰ পৰিমাণ বেছি, সেয়ে বোকা মাটি। তেনে মাটিত বালি আৰু হিউমাছৰ পৰিমাণ কম। বোকা মাটি কোমল আৰু বৰ মিহি।
(১০) হিউমাছ কাক বোলে ? ইয়াৰ প্ৰয়োজন কি ?
উত্তৰঃ জীৱ-জন্তু, ঘাঁহ-বন মৰি পঁচি মাটিৰ ওপৰৰ তৰপটোতে মিহলি হয়। পঁচি মিহলি হোৱা এই বস্তু বোৰকে হিউমাছ বোলে। হিউমাছে মাটি সাৰুৱা কৰে আৰু সাৰুৱা মাটিত খেতি-বাতি ভাল হয়।
(১১) সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে । কিয় বাৰু ?
উত্তৰঃ সাৰুৱা বা পলসুৱা মাটিত বালিৰ দানা, বোকাৰ কণিকা আৰু হিউমাছ মিহলি হৈ থাকে। তিনিওটা পৰিমান প্ৰায় একে পৰিমানত থাকে। সাৰুৱা মাটিতে ঘাঁহ-বন, গছ-গছনি খেতি-বাতি কৰা হয়। ঘাঁহ-বন, গছ-গছনি নাথাকিলে কোনো জীৱ জীয়াই থাকিব নোৱাৰে, গতিকে সাৰুৱা মাটিয়ে জীৱক বহুত সহায় কৰে।
(১২) টান শিল এটা কেনেকৈ ধূলিলৈ সলনি হ’ব পাৰে ?
উত্তৰঃ ৰ’দ-বতাহ, ধমুহা-বৰষুনে খুউব লাহে লাহে শিলবোৰ ভাঙি পেলায়। সৰু সৰু শিলবোৰ আকৌ ভাঙি বালিলৈ সলনি হয়। ধুমুহা-বতাহ, নদীৰ সোঁতত বালিবোৰ ধূলিলৈ সলনি হয়।
(১৩) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া
(ক) ধানখেতি সকলো মাটিতে ভালদৰে হয়/নহয় ।
উত্তৰঃ নহয়।
(খ) মাটিৰ তলত তৰপটো গছ-গছনিৰ বাবে উপযোগী হয়/নহয় ।
উত্তৰঃ নহয়।
(গ) গাঁত এটা খান্দিলে তললৈ বেছি টান মাটি পোৱা যায়/নাযায় ।
উত্তৰঃ নাযায়.
(ঘ) বোকাৰ কণিকা মিহি বালিতকৈ সৰু/ডাঙৰ ।
উত্তৰঃ সৰু
(ঙ) বানপানী পানী ঘোলা । হয়/নহয় ।
উত্তৰঃ হয়।
(চ) কম দিনৰ ভিতৰতে শিলৰপৰা মাটি পাব পাৰি/নোৱাৰি ।
উত্তৰঃ নোৱাৰি।
(১০) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
‘ক’ অংশ ‘খ’ অংশ
১丨 বালীয়া মাটিত ১丨 বোকাৰ পৰিমাণ বেছি
২丨 হিউমাছ ২丨 বায়ু বিশুদ্ধ কৰি ৰাখে ।
৩丨 বোকা মাটিত ৩丨 বালিৰ কণিকাৰ পৰিমাণ বেছি ।
৪丨 মৰুভূমিত ৪丨 মাটিৰ লগত মিহলি হৈ থকা মৰা-পঁচা জীৱদেহৰ অংশ ।
৫丨 গছ-গছনিয়ে ৫丨 প্ৰচুৰ পৰিমাণে বালি থাকে ।
৬丨 মাটি তলত তৰপত পোৱা যায় ।
উত্তৰঃ
১) বলীয়া মাটিত ৩) বালিৰ কণিকাৰ পৰিমাণ বেছি।
২) হিউমাছ ৪)মাটিৰ লগত মিহলি হৈ থকা মৰা-পঁচা জীৱদেহৰ অংশ।
৩) বোকা মাটিত ১) বোকাৰ পৰিমাণ বেছি ।
৪) মৰুভূমিত ৫) প্ৰচুৰ পৰিমাণে বালি থাকে।
৫) গছ-গছনিয়ে ২) বায়ু বিশুদ্ধ কৰি ৰাখে।