Class 11 Education Chapter 1
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Table of Contents
(১) Education ‘ শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা হৈছে অভিজ্ঞতা আহৰণ প্ৰক্ৰিয়া । শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ “Education ” শব্দটো লেটিন শব্দ ” E” “Duco “, ” Educere “, ” Educare ” , “Educatum ” ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় । ইয়াৰে ” E” “Duco ” ৰ অৰ্থ হৈছে ‘ মই আগবাঢ়ো ‘। লেটিন শব্দ ” Educare ” ৰ অৰ্থ হৈছে ‘ বৃদ্ধি কৰা বা বিকাশ কৰা ‘ । ” Educere ” শব্দৰ অৰ্থ হৈছে ‘ লালন পালন কৰা ‘ । আৰু ইয়াৰ আনটো লেটিন শব্দ “Educatum ” ৰ অৰ্থ হৈছে ‘ শিক্ষাদান কাৰ্য ‘ । শিক্ষাই ব্যক্তিৰ অন্তৰ্নিহিত আৰু বহিঃ শক্তিৰ বিকাশ লাভ কৰাটো বুজায়।
(২) শিক্ষা কি ? সংজ্ঞাসহকাৰে ইয়াৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা হৈছে পৰিবেশৰ লগত খাপ খাব পৰা বিশেষ ক্ষমতা। শিক্ষা হৈছে এক অভিজ্ঞতা আহৰণ কৰা প্ৰক্ৰিয়া যাৰ সহায়ত ব্যক্তিৰ অন্তৰ্নিহিত মানসিক শক্তি সমুহৰ বিকাশ সাধন হৈ পৰে । শিক্ষাই ব্যক্তিক সমাজত শাৰীৰিক, মানসিক আৰু আৱেগিক ভাৱে পূৰঠ হবলৈ শিকাই ।
প্লেটোৰ মতে ; ” শিক্ষা হল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এটা প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়া ব্যক্তিৰ দেহ, আত্মাৰ লগত জৰিত। এই প্ৰক্ৰিয়াই এজন ব্যক্তিৰ সুখ, আনন্দ যথা সময়ত লভিবলৈ সক্ষম কৰে ।”
উপৰত উল্লেখ কৰা সংজ্ঞা টোৰ পৰা বুজিব পাৰি যে শিক্ষা হৈছে সামজ আৰু ব্যক্তিৰ সংলগ্ন কৰি চলি থকা এটা প্ৰক্ৰিয়া। যিয়ে ব্যক্তিৰ সৰ্বাংগীন বিকাশ সাধন কৰি তোলে। যাৰ ফলত ব্যক্তিয়ে নিজৰ জীৱনত সুখ আনন্দ লাভ কৰিবলৈ সক্ষম হয় ।
(৩) সংকীর্ণ আৰু ব্যাপক অর্থত শিক্ষা বুলিলে কি বুজা ?
উত্তৰঃ সংকীৰ্ণ অৰ্থ ৰ শিক্ষা হৈছে সুপাৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া ।সংকীৰ্ণ অৰ্থ শিক্ষা ব্যৱস্থাত বিদ্যাল়সমূহত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন , শিক্ষণ পদ্ধতি মানি চলা হয়। ছাত্ৰ- ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমৰে নম্বৰ আৰু গ্ৰেড দিয়া হয় । প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থ ত শিক্ষাৰ উদ্দেশ্য।
ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যু লৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানকেই শিক্ষা বুলি কোৱা হয়। বহল অৰ্থত শিক্ষা হৈছে এক সামাজিক প্ৰক্ৰিয়া । সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ লগত থকা ওতঃপ্ৰোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। বহল অৰ্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায় ।
ব্যক্তিৰ সৰ্বাংগীন বিকাশ ত শিক্ষাৰ শিক্ষাৰ ঠেক আৰু বহল অৰ্থ শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ ।
( ৪ ) শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্রিপক্ষীয় প্রক্রিয়া বুলিলে কি বুজা ?
উত্তৰঃ ছাৰ জন আদামছে তেখেতৰ নামৰ পুথিখনত শিক্ষাক এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছে। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থী দুটা পক্ষ আছে । তেখেতৰ মতে শিক্ষকৰ ব্যক্তিত্ব শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে । শিক্ষকে ছাত্ৰক জ্ঞান প্ৰাদান কৰে । তেওঁৰ অবিহনে শিক্ষা উদ্দেশ্যহীন বুলি কব পাৰি। তেনেদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ কৰ্তব্য মূল্যহীন । শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়াত শিক্ষকে ছাত্ৰক জ্ঞান প্ৰদান কৰে। গোটেই শিক্ষা প্ৰক্ৰিয়াটো শিক্ষক আৰু শিক্ষাৰ্থী মাজত চলি থাকে বাবে ইয়াক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কোৱা হয় ।
শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।” কথাষাৰ জন ডিউই কৈছিল।
শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিবেশে শিক্ষা ফলপ্ৰসূ কৰি তোলে । শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰিব লাগে , শিক্ষা প্ৰদান কৰিব লাগে , উচিত মূল্যায়ন কৰিব লাগে। সামাজিক পৰিবেশত যাতে শিক্ষাৰ্থী সকলে ভালদৰে খাপ পাব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগে। একোখন সমাজে শিক্ষাৰ উদ্দেশ্য, শিক্ষণ প্দ্ধাতি নিৰূপণ কৰে। শিক্ষকে সমাজৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰিবলৈ বিচাৰে। শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত প্ৰতিটো পক্ষই নিজস্ব ভূমিকা পালন কৰে । এই ক্ষেত্ৰত ছাত্ৰ হল – ক্ৰিয়াৰ ভূমিকা গ্ৰহণ কাৰি , শিক্ষক হল ক্ৰিয়া পৰিচালনা কাৰি আৰু সামাজিক পৰিবেশ হল শিক্ষা বিষয় আৰু গতি নিৰ্ধাৰণকাৰি ।
( ৫ ) শিক্ষাৰ পৰিসৰ মানে কি ?
উত্তৰঃ মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা। শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। শিক্ষা হৈছে জীৱন ব্যাপী চলা এক প্ৰক্ৰিয়া।
পৰিসৰ বুলি ক’লে আমি সাধাৰণতে পৰিসীমাক বুজো। কিন্তু শিক্ষা বিষয়টোক নিৰ্দিষ্ট পৰিধিৰ মাজত আবদ্ধ কৰিব নোৱাৰি। ইয়াৰ পৰিসৰ অতি ব্যাপক। শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ যেনে শাৰীৰিক, মানসিক আধ্যাত্মিক, নৈতিক, সামাজিক বিকাশৰ কথা বুজাই। এটা শিশুৰ জন্ম ৰ পৰাই শিক্ষা আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত চলি থাকে। সেইবাবে গোটেই জীৱনটোৱেই শিক্ষাৰ পৰিসৰৰ ভিতৰত পৰে। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ পৰিসৰ ত অন্তৰ্ভুক্ত।
(৬) আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায় ?
উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী , পাঠ্যক্ৰম , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী , ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা হয় ।
( ৭ ) অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজায় ?
উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষ ভাবে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষাত শিক্ষাৰ্থী ওপৰত কোনো ধৰা বন্ধা নিয়ম নাথাকে। অনানুষ্ঠানিক শিক্ষা ব্যক্তিয়ে মুক্ত ভাবে নিজ পৰিবেশত লাভ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ নিযুক্তি দিয়া নহয়। এই শিক্ষাৰ শেষত কোনো ধৰণৰ ডিগ্ৰী ডিপ্লমা প্ৰদান কৰা নহয়।
(৮) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পার্থক্য তিনিটা উল্লেখ কৰা ।
উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী , পাঠ্যক্ৰম , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী , ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা হয় ।
বিদ্যালয় আৰু মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষ ভাবে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষাত শিক্ষাৰ্থী ওপৰত কোনো ধৰা বন্ধা নিয়ম নাথাকে। অনানুষ্ঠানিক শিক্ষা ব্যক্তিয়ে মুক্ত ভাবে নিজ পৰিবেশত লাভ কৰিব পাৰে।
আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ তিনিটা পাৰ্থক্য হল:
- আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে আনহাতে অনানুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে ।
- আনুষ্ঠানিক শিক্ষাৰ ধৰা বন্ধা নিয়ম আছে আনহাতে আননুষ্ঠানিক শিক্ষাৰ ধৰা বন্ধা নিয়ম নাই।
- আনুষ্ঠানিক শিক্ষাত আৰম্ভণি আৰু শেষ দুয়োটা আছে আনহাতে অনানুষ্ঠানিক শিক্ষাত আৰম্ভণি আৰু শেষ বুলি কোনো কথা নাই।
(৯) অনোপচাৰিক শিক্ষা কাক বোলে ? আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পার্থক্য কত ?
উত্তৰঃ যি সকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰিব নোৱাৰে , যি সকল শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হয় ।এনেবোৰ লৰা ছোৱালী ৰ বাবে চৰকাৰে এক প্ৰকাৰৰ শিক্ষা ব্যবস্থা কৰিছে এই শিক্ষা ব্যবস্থা ক অনৌপচাৰিক শিক্ষা বোলে। অগতানুগতিক শিক্ষা ত মূল্যায়নৰ ভিত্তিত ডিগ্ৰী, মানপত্ৰ প্ৰদান কৰা হয় । অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্ক্ৰমসমূহ থকা দেখা যায় ।
আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পাৰ্থক্য হল –
- অনৌপচাৰিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে আনহাতে অনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে ।
- অনৌপচাৰিক শিক্ষা পৰিবৰ্তনশীল পাঠ্যক্ৰম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল আনহাতে অনুষ্ঠানিক শিক্ষা নিৰ্দিষ্ট পাঠ্যক্ৰম, কঠোৰ অনুশাসন , নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য থকা দেখা যায়।
- অনৌপচাৰিক শিক্ষাৰ পাঠ্যক্ৰম পৰিৱৰ্তনশীল, আত্ম অনুশাসন আৰু সজাগতা উপৰত নিৰ্ভৰশীল । আনহাতে আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম , কঠোৰ অনুশাসন, আৰু নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য থকা দেখা যায়।
(১০) ব্যক্তিকেন্দ্রিক লক্ষ্যৰ গুৰি ধৰােতা কোন ?
উত্তৰঃ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ গুৰি ধৰােতা হল – ৰুচো ।
(১১) শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে লিখা ।
উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মুল পৃষঠপোষক আছিল ৰুচো। এটা শিশুৱে জন্মগত ভাৱে কিছুমান গুণ আয়ত্ত কৰে । শিক্ষাই এই গুণ সমূহৰ বিকাশত সহায় কৰিব লাগে। প্ৰত্যেক শিশু আনজনকৈ পৃথক । শিক্ষাৰ দ্বাৰা শিশুৰ সংগতি পূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন । মানৱীয় গুণ সমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ ক্ষমতা সমূহৰ বিকাশ সাধন কৰি সমাজৰ বাবে এজন আদৰ্শ ব্যক্তি হিচাপে গঢ় দি তোলা ।
ব্যক্তিকেন্দ্ৰিক লক্ষ্য ৰ সবলতা হলঃ
- ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ নহয় । সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল ।
- ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধিয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ । সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হব লাগে ।
ব্যক্তিকেন্দ্ৰিক লক্ষ্য ৰ দুৰ্বলতা হ’লঃ
- এই লক্ষ্যই শিক্ষিত শ্ৰেণীৰ লোকক সমাজত সুস্থ সমাযোজন স্থাপনত সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষিত আৰু অশিক্ষিত , যোগ্য আৰু অযোগ্য দুই শ্ৰেণীৰ লোক ৰ সৃষ্টি হব পাৰে।
- শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য় আত্মকেন্দ্ৰিক , স্বাৰ্থপৰ আৰু অসামাজিক লোকৰ সৃষ্টি কৰিব পাৰে। প্ৰতিজন লোকেই নিজ দেহ মানসিক ক্ষমতাৰে পূৰ্ণ বিকাশ লাভ কৰিলেও সি যদি সমাজমূখি হৈ নুঠে তেন্তে, তাৰ পৰা সৃষ্টিশীল আৰু গঠনাত্মাক ক্ৰিয়া আশা কৰিব নোৱাৰি ।
- শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে, ‘ সামাজিক যোগ্যতা আহৰণ কৰা ‘। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে। জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থী ক প্ৰণালীবদ্ধ ভাবে শিক্ষা দিয়াটো সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্য ।
সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্য ৰ সবলতা হ’লঃ
- সামাজিক পৰিবেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিষ্কাৰ কৰিব নোৱাৰি । সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিবেশ ৰ প্ৰয়োজন ।
- বৰ্তমান যুগত এজন মানুহে কেতিয়াও স্বয়ং সম্পূৰ্ণ জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ আনন্দ, আমোদ- প্ৰমোদ , শান্তি- প্ৰগতি আদিৰ বাবে মানুহে একান্তই সমাজৰ উপৰত নিৰ্ভৰ কৰিব লগা হয়।
সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্য ৰ দুৰ্বলতাঃ
- দেশৰ বিকাশত অনবৰতে গুৰুত্ব দিয়া শিক্ষা ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে উচিত পৰিমাণৰ প্ৰেৰণা লাভ নকৰে।
- নিজৰ দেশৰ প্ৰতি অত্যাধিক প্ৰেম যোগাই তুলিলে চুবুৰীয়া দেশ ৰ প্ৰতি হিংসা আৰু বিদ্বেষৰ ভাব সৃষ্টি হোৱাৰ আকাংক্ষা থাকে।
( ১২ ) শিক্ষাৰ সমাজকেন্দ্রিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ পৰম্পৰ বিৰােধী নহয় ববং পৰিপূৰকহে ‘ কথাফাঁকিৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যক্তি আৰু সমাজ এটা আনটোৰ পৰা কেতিয়াও পৃথক হব নোৱাৰে। কাৰণ দুয়োটা দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সমাজত প্ৰভাৱ পেলাই আৰু আনহাতে সমাজে ব্যক্তিৰ উপৰত প্ৰভাৱ বিস্তাৰ কৰে। ব্যক্তিৰ উন্নতিৰ দ্বাৰ সমাজৰ বিকাশ ঘটে। সেয়েহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এটাত বিশেষ গুৰুত্ব দি আনটোক অৱহেলা কৰিব নোৱাৰি।
জন ডিউই মতে , প্ৰগতিশীল সমাজ গঠন হবলৈ হলে মানুহক বৌদ্ধিক স্বাধীনতা দিয়াৰ প্ৰয়োজন। সেইবাবে ব্যক্তিৰ আৰু সমাজৰ স্বাৰ্থ পূৰণৰ বাবে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন। সেয়েহে নিজৰ স্বাৰ্থ পূৰণৰ বাবেই সমাজৰ উন্নতি ৰ প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰত্যেক জন লোকৰ বৰঙনি থাকিব লাগে।
সৰ্ব সাধাৰণ লোকৰ জীৱন ৰ সৈতে মুক্তভাবে সামাজিক পৰিবেশত সহযোগিতা লাভ কৰাটো অতি প্ৰয়োজনীয়। ব্যক্তি আৰু সমাজ এই দুয়োটা দিশৰ সুস্থ সমন্বয়ে সুস্থ ব্যক্তিক সুস্থ সমাজত গঢ় দি তুলিব পাৰে।
ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে “শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য এটা আনটোৰ বিৰোধী নহয়,পৰিপূৰক হে ।”
(১৩) শিক্ষা বৃত্তিমূলক লক্ষ্য কি ? সমাজত এই লক্ষ্যক কিয় অগ্রাধিকাৰ দিয়া হয় ?
উত্তৰঃ মানসিক, দৈহিক আৰু সামাজিক গুণৰাশি ৰ উৎকৰ্ষ সাধনৰ লগতে ব্যক্তিক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক মূল লক্ষ্য । শিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয় তাকে বৃত্তিমূলক শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই আৰু সামাজিক যোগ্যতা থকা স্বাৱলম্বী ব্যক্তিয়ে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয় ।
সমাজত বৃত্তিমূলক লক্ষ্য অগ্ৰাধিকাৰ দিয়া কাৰণ সমূহ হলঃ
- 1. বৃত্তিমূলক লক্ষ্য ই ব্যক্তিক স্বাৱলম্বি কৰি তোলে।
- 2. নিম্ন মানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষ ভাবে উপযোগী।
- 3. দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যবহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায় কাৰি ।
- 4. বৃত্তিমূলক লক্ষ্যৰ সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহা়য় কৰে।
- 5. এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমূহো সমাধান কৰাত সহায় কৰে ।
(১৪) এখন গণতান্ত্রিক ৰাষ্ট্রত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত ?
উত্তৰঃ গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ লক্ষ্য বৃত্তিমূলক আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নতিৰ হকে হোৱা উচিত। ইয়াৰ কিছুমান দিশ হ’লঃ
1. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য শিক্ষাৰ্থী সকলক ভৱিষ্যতে এজন দায়িত্বশিল নাগৰিক হিচাপে গঢ় দি তোলাৰ গুৰুত্ব হকে হব লাগে। শিক্ষাৰ্থী সকলক সহযোগিতা, দেশৰ আইন কানুন, ৰীতি নীতিৰ মানি চলা মানসিকতা গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
2. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য বিত্তিমূলক দক্ষতা অৰ্জন কৰাক এক উল্লখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে। কৰ্ম দক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধি ৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
3. গণতন্ত্ৰই মানুহৰ জীৱন শৃংখলাবদ্ধ আৰু সুস্থ ৰূপত গঢ় দি তোলাত সহায় কৰে। গণত্ৰন্ত্ৰিক দেশ এখনত প্ৰত্যেক নাগৰিক সকলে কিছুমান অধিকাৰ পায় আৰু কিছুমান কৰ্তব্য পালন কৰিব লগা হয়। গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য এই কৰ্তব্য সমূহ বুজি উঠিব পৰাকৈ শিক্ষা ৰ ব্যবস্থা কৰা ৰ উপৰত গুৰুত্ব দিব লগে।
উপৰত উল্লেখ কৰা দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। তেতিয়াহে গণতান্ত্ৰিক দেশ এখন সকলো ফালৰ পৰা উন্নত হৈ। উঠিব।
( ১৫ ) শিক্ষা আৰু নিম্নলিখিত বিষয় সম্বন্ধ লিখা ।
( ক ) শিক্ষা আৰু জীৱবিদ্যা
উত্তৰঃ জীৱবিজ্ঞানৰ লগত শিক্ষাৰ সম্পৰ্ক নিবিড় । জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিবেশৰ অধ্যয়ন কৰে। মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত বংশ আৰু পৰিবেশৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃত ভাবে অধ্যয়ন কৰা হয় । ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য । এই বিষয় দুটা মূলতঃ জীৱ বিদ্যাৰ অন্তৰ্গত । সেইবাবে শিক্ষাই জীৱ বিদ্যাৰ ওচৰ চাপিব লগা হয় । জীৱ বিদ্যা ই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে । জীৱ বিদ্যা জীৱৰ ক্ৰমবিকাশ, জিন , হ’ৰমন আদি সম্বন্ধে অধ্যয়ন কৰে। শিক্ষাই এই সকলো বোৰ দিশ সমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে বাবে জীৱ বিদ্যা আৰু শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত ।
( খ ) শিক্ষা আৰু সমাজবিজ্ঞান
উত্তৰঃ শিক্ষা ৰ পৰিসৰ অতি বহল । শিক্ষাই ব্যক্তিৰ আচৰণ মৰ্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে। সমাজবিজ্ঞানে মানুহৰ সামাজিক জীৱন আৰু তেওঁৰ সমাজ শাস্ত্ৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজ বিজ্ঞান ৰ আলোচ্য বিষয়সমূহ হৈছে মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্য কলাপ, দলীয় আচৰণ, ৰুচিবোধ , আচাৰ ব্যৱহাৰ আদি। সামাজিক আচৰণ , ক্ৰিয়াকলাপ আদি ধাৰাবাহিক ভাবে বিচাৰ বিশ্লেষণ কৰাটোৱেই হৈছে এই অধ্যয়ন ৰ প্ৰধান কাম। শিক্ষাৰ প্ৰধান কাম হৈছে সমাজ ত সমতাৰ স্থিতি বিকাশ কৰা । শিক্ষা হৈছে এক সামাজিক প্ৰচেষ্টা, যি সমাজে বিচৰা ধৰণে চলি যাই । সমাজৰ সহায় নোহোৱাকৈ ব্যক্তিৰ কোনো ভৱিষ্যত থাকিব নোৱাৰে । সেইবাবে শিক্ষা আৰু সমাজ বিজ্ঞানক এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপে অভিহিত কৰিব পাৰি ।
( গ ) শিক্ষা আৰু দর্শন
উত্তৰঃ শিক্ষাৰ লগত দৰ্শন ৰ ওতঃপ্ৰতঃ সম্বন্ধ আছে । দৰ্শন হৈছে জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখা। দৰ্শন মানে হল সত্যৰ উপলব্ধি । বৰ্তমান শিক্ষা ব্যৱস্থাত দৰ্শনৰ প্ৰভাব দেখিবলৈ পোৱা যায়। প্লেটোৰ মতে যি জনৰ জ্ঞানৰ প্ৰতি মোহ আছে , যি জন কৌতুহলী আৰু যি জনে জ্ঞান লাভ কৰিলেও সম্পূৰ্ন সন্তুষ্ট নহয় সেইজনে দাৰ্শনিক । দেশ এখনৰ শিক্ষা ব্যৱস্থা ৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই তাৰ লোক সকল কোন দৰ্শন ত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে । দৰ্শনে জীৱনৰ মূল্য বোধ সম্পৰ্কে অৱগত কৰায়। শিক্ষাই সেইবোৰ কাৰ্যকৰি কৰণত সহায় কৰে।
এখন দেশৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য দৰ্শনে নিৰূপণ কৰে। পাঠ্যক্ৰম প্ৰস্তুত কৰণৰ ক্ষেত্ৰত , শিক্ষণ পদ্ধতি, অনুশাসন মানি চলা ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ।
( ঘ ) শিক্ষা আৰু অর্থনীতি
উত্তৰঃ শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত ।
অৰ্থনীতি মানে হল সম্পদৰ অধ্যয়ন । এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশ খনৰ শিক্ষা ব্যবস্থাৰ পাৰস্পৰিক সম্পৰ্ক আছে। যিখন দেশ অৰ্থনৈতিক ভাবে শক্তিশালী , সেইখন দেশৰ শিক্ষাৰ মানদণ্ড ও উচ্চ । শিক্ষাৰ অন্যতম লক্ষ্য হৈছে , আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা । অৰ্থনীতিয়ে এজন ব্যক্তিক সুদক্ষ উৎপাদনশীল ব্যক্তি হোৱাত সহায় কৰে । শিক্ষাই দৰিদ্ৰতা নিবাৰণ আৰু মানুহৰ জীৱিকাৰ মানদণ্ড উন্নত কৰাত সহায় কৰে । অৰ্থনৈতিক দিশ ৰ বিকাশ সাধনৰ বাবে উপযুক্ত নাগৰিক গঠনত শিক্ষাৰ ভূমিকা অপৰিসীম। অৰ্থ বিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশ সমূহ হল – শিক্ষা আৰু আৰ্থিক বিকাশ , অৰ্থনৈতিক উপকাৰৰ বাবে শিক্ষা পৰিকল্পনা আদি।
( ঙ ) শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান ।
উত্তৰঃ শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ঠ সম্বন্ধ আছে । ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন ব্যবস্থা , শিক্ষণ পপ্দ্ধটি , মানসিক শক্তি সমুহৰ পৰিমাপন , পৰীক্ষাৰ ফলাফল নিৰ্ণয় আদিত পৰিসংখ্যা বিজ্ঞান প্ৰয়োগ কৰা হয়। অৰ্থনীতি, কৃষি , মনোবিজ্ঞান আদি বিষয় সহজে বুজি পোৱাকৈ তথ্য সমূহ উপস্থাপন কৰিবলৈ পৰিসংখ্যা বিজ্ঞান ব্যবহাৰ কৰা হয় । যিকোনো বিষয়ৰ সাংখ্যিক পৰিমাপৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞান সহায় কৰে। পৰিসংখ্যা বিজ্ঞানৰ সহায়ত ছাত্ৰৰ বৌদ্ধিক যোগ্যতা নিৰ্ণয় কৰিব পাৰি । শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা , অধ্যয়ন , আদিত পৰিসংখ্যা বিজ্ঞানৰ বিভিন্ন সূত্ৰ সমূহ ব্যবহাৰ কৰা হয়।
1 thought on “Class 11 Education Chapter 1|শিক্ষাৰ ধাৰণা আৰু লক্ষ্য|”