Class 3 Assamese Question Answer
Chapter 1
Table of Contents
১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা—
উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।
২। কওঁ আহা—
(ক) পদূলিমুখত কি ফুল ফুলে?
উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে।
(খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?
উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে।
(গ) পথাৰখন দেখিবলৈ কেনেকুৱা?
উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া।
(ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?
উত্তৰঃ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে।
(ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভবি আছে?
উত্তৰঃ গাওঁখন ভৰি থকা শুৱনি বস্তুবোৰ হ’ল–ঘৰবাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল-পানৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু,পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আৰু সহজ-সৰল জীৱনযাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্রীতি।
(চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?
উত্তৰঃ পদ্যটিত একেটি থুপিৰে ফুল গাঁৱৰ ভাই-ভনী ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনাক কোৱা হৈছে।
২। ‘আমাৰ গাঁও’ পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা—
উত্তৰঃ আমাৰ গাওঁখন বৰ ধুনীয়া, আমাৰ ঘৰ আৰু পদূলিমুখত ফুলি থকা গধূলিগোপাল ফুলজোপাও বৰ মনোহৰ। বহুত গছ-গছনিৰে ভৰি থকা বাৰীখনত থকা তামোল-পাণ আৰু পকা ধানেৰে উপচি থকা সোণালী পথাৰখনো বৰ ধুনীয়া।
৩। পদ্যটি পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা। সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা—
উত্তৰঃ
শব্দ | অৰ্থ |
ভৰা | পূৰ্ণ, ভৰ্তি হৈ থকা। |
শুৱনি | মনোমোহা, দেখিবলৈ ধুনীয়া। |
চৰে | বিচৰণ কৰে। |
সোণালী | সোন বৰণীয়া। |
ৰচকী | উৎসাহী, চঞ্চলা। |
সুৱদি | শুনিবলৈ ভাল। |
হাট | বজাৰ। |
গঞালোক | গাওঁলিয়া মানুহ। |
নামঘৰ | প্ৰাৰ্থনা গৃহ। |
৪। লিখা—
(ক) পদ্যটোত থকা মানুহৰ নাম লিখা?
উত্তৰঃ পদ্যটোত থকা মানুহৰ নাম হৈছে – ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনা।
(খ) পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম লিখা?
উত্তৰঃ গাওঁখন, ঘৰখন, গধূলিগোপাল ফুল, ভৰা বাৰীখন, তামোল-পাণ, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ফুল, পথিলা, গৰু-গাইবোৰ, নদীৰ ঘাট, সৰু নামঘৰ, ভাই-ভনী, গঞালোক।
(গ) পদ্যটোত বিচাৰি উলিয়াই লিখা—
‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ | ‘ৰ’ আখৰটো মাজত থকা শব্দ | ‘ৰ’ আখৰটো শেষত থকা শব্দ |
উত্তৰঃ
‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ | ‘ৰ’ আখৰটো মাজত থকা শব্দ | ‘ৰ’ আখৰটো শেষৰ থকা শব্দ |
ৰাজহাঁহ | বাৰীখনি | আমাৰ, ভৰা। |
ৰহিম | বাটৰুৱা | মনোহৰ, পথাৰ। |
ৰচকী | মৰমৰ | গছৰ, গাওঁৰ, পুখুৰী, চৰে, নামঘৰ, বকুলৰ, থুপিৰ, মুখৰ। |
খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
১। তলৰ স্বৰচিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা—
যেনে—
উত্তৰঃ
শূ ⇒ গু ⇒ শিশু, শুৱনি। |
ৰু ⇒ ৰু ⇒ গৰু, সৰু। |
ৰূ ⇒ ৰূ ⇒ ৰূপ, ৰূপম। |
হূ ⇒ হু ⇒ হুকুম, বিহু। |
গু ⇒ গু ⇒ গুৱাহাটী, আগুৰি। |
২। তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা—
শুৱনি, মনোহৰ, ৰচকী, মিলিজুলি।
উদাহৰণঃ শুৱনিঃ (i) আমাৰ গাঁওখন অতি শুৱনি।
(ii) হৰিণাৰ চকুযুৰি শুৱনি।
উত্তৰঃ মনোহৰঃ (i) আমাৰ বাগিচাখন বৰ মনোহৰ।
(ii) অসমৰ মনোহৰ প্ৰাকৃতিক ৰূপে মানুহক মুগ্ধ কৰে।
ৰচকীঃ (i) গায়ত্ৰী এগৰাকী ৰচকী ছোৱালী।
(ii) আমাৰ গাৱঁৰ নাচনীজনী অতি ৰচকী।
মিলিজুলিঃ (i) আমি সকলোৱে মিলিজুলি থাকিব লাগে।
(ii) গাঁৱৰ মানুহে একে লগে মিলিজুলি থাকে।
Best SEO Expert In Guwahati,Assam
Guwahati University CGPA to Percentage Calculator
৩। তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা—
উদাহৰণঃ সৰু নামঘৰ বৰ নামঘৰ।
(ক) ভৰা বাৰীখনি ___________ বাৰীখনি।
উত্তৰঃ খালি।
(খ) পকা ধান_______________ ধান।
উত্তৰঃ কেঁচা।
(গ) তলেদি বাট________________ বাট।
উত্তৰঃ ওপৰেদি।
6 thoughts on “Class 3 Assamese Question Answer Chapter 1”