Class 3 science chapter 11
প্ৰাণী
Table of Contents
প্ৰশ্নাৱলী
১丨 (ক) কোনবোৰ জীৱ প্ৰাণী ?
উত্তৰঃ যিবোৰ জীৱই চলা- ফুৰা কৰিব পাৰে, সেইবোৰক প্ৰাণী বোলে ।
(খ) কোনবোৰ প্ৰাণীক জন্তু বোলে ?
উত্তৰঃ বাঘ, ভালুক, শিয়াল, কুকুৰ, গৰু আদি ডাঙৰ প্ৰাণীবোৰক জন্তু বোলে ।
(গ) প্ৰাণীয়ে ক’ৰপৰা আহাৰ গোটাই লয় ?
উত্তৰঃ প্ৰাণীয়ে উদ্ভিদ আৰু আন জীৱৰ পৰাও আহাৰ গোটাই লয় ।
২丨 (ক) প্ৰাণীয়ে কেনেদৰে চলা-ফুৰা কৰে ?
উত্তৰঃ যিবোৰ প্ৰাণীৰ ঠেং থাকে সেইবোৰে খোজ কাঢ়ে,পখিলা, জিঞা আৰু চৰাই বোৰে পাখি আৰু ডেউকাৰ সহায়ত উৰে ,পানীত থকা জীৱ বোৰে ফিছাৰ সহায়ত সাঁতুৰে, শামুক,সাপ আদিবোৰে বগাই বা চুঁচৰি চলা-ফুৰা কৰে ।
(খ) পানীত থকা প্ৰাণীয়ে কেনেদৰে চলা-ফুৰা কৰে ?
উত্তৰঃ পানীত থকা প্ৰাণীয়ে ফিছাৰ সহায়ত চলা-ফুৰা কৰে ।
(গ) চৰাই আৰু পখিলাই কেনেদৰে চলা-ফুৰা কৰে ?
উত্তৰঃ চৰাইয়ে ডেউকাৰ সহায়ত উৰে আৰু পখিলাই পাখিৰ সহায়ত উৰে ।
৩丨 কোন ধৰণৰ প্ৰাণী ক’ত থাকে ?
উত্তৰঃ বনৰীয়া আৰু ঘৰচীয়া জন্তুবাৰ মাটিত থাকে, চৰাই, বাদুলিৰ দৰে প্ৰানীবোৰ গছত বাহ সাজি থাকে । মাছ, ঘঁৰিয়াল আদিবোৰ পানীত থাকে । ভেকুলী ,বেং আদিবোৰ মাটি আৰু পানী উভয়ে থাকে । মানুহে নিজে ঘৰ সাজি থাকে ।
৪丨 মানুহৰ শৰীৰৰ বাহিৰত থকা চাৰিবিধ আৰু ভিতৰত থকা চাৰিবিধ অংগৰ নাম লিখা ।
উত্তৰঃ মানুহৰ শৰীৰৰ বাহিৰত থকা চাৰিবিধ অংগ হ’ল- চকু, নাক, কাণ,হাত, ভৰি ।
মানুহৰ শৰীৰৰ ভিতৰত থকা চাৰিবিধ অংগ হ’ল- হাঁওফাঁও, কলিজা, যকৃৎ, বৃক্ক ।
তুলা ৰাশিৰ অসমীয়া ছোৱালীৰ নাম
৫丨 (ক) প্ৰাণীয়ে উশাহ কিয় লয় ?
উত্তৰঃ আহাৰত শক্তি থাকে ,সেই শক্তি পাবলৈ প্ৰাণীয়ে উশাহ লয় ।
(খ) হাঁওফাঁওৰ কাম কি ?
উত্তৰঃহাঁওফাঁওে বায়ুৰ পৰা অক্সিজেন শুহি লয় ।
(গ) আহাৰৰপৰা শক্তি কিহে মুকলি কৰে ?
উত্তৰঃ অক্সিজেনে আহাৰৰ পৰা শক্তি মুকলি কৰি দিয়ে ।
(ঘ) মাছে কেনেকৈ অক্সিজেন শুহি লয় ?
উত্তৰঃ মাছৰ কাণত ফুল থাকে সেই ফুলৰ সহায়ত পানীত মিহলি হৈ থকা অক্সিজেন শুহি লয় ।
(ঙ) প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে ?
উত্তৰঃ প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই- অক্সাইড গেছ এৰি দিয়ে ।
(চ) প্ৰাণীয়ে কাৰ্বন ডাই-অক্সাইড গেছ কিয় এৰি দিয়ে ?
উত্তৰঃ অক্সিজেনে আহাৰত থকা শক্তি মুকলি কৰি দিয়ে ,লগতে শৰীৰত এবিধ গেছ ওলায় । গেছ বিধৰ নাম কাৰ্বন ডাই- অক্সাইড । এইবিধ গেছ প্ৰাণীৰ বাবে অপকাৰী সেইবাবে প্ৰাণীয়ে কাৰ্বন ডাই- অক্সাইড এৰি দিয়ে ।
৬丨 (ক) কোনবোৰ প্ৰাণীক মাংসভোজী বোলে ?
উত্তৰঃ মাংস খোৱা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে ।
(খ) কোনবোৰ প্ৰাণীক তৃণভোজী বোলে ?
উত্তৰঃ গছ- বন খাই জীয়াই থকা প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বালে ।
(গ) প্ৰাণীয়ে গা গঠন কৰা বস্তুবোৰ ক’ৰ পৰা পায় ?
উত্তৰঃ আহাৰ আৰু পানীৰ পৰা গা গঠন কৰা বস্তু পায় ।
(ঘ) প্ৰাণীয়ে শক্তি ক’ৰ পৰা পায় ?
উত্তৰঃ পানী আৰু আহাৰৰ পৰা প্ৰাণীয়ে শক্তি পায় ।