Class 3 Science Chapter 12 – 13 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 12

জীৱৰ বংশবৃদ্ধি

প্ৰশ্নাৱলী

১丨 (ক) জীৱই কি অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে ? 

উত্তৰঃ জীৱই পৈণত অৱস্থা পোৱাৰ পিছত জন্ম দিব পাৰে ।

(খ) উদ্ভিদে কেনেদৰে জন্ম দিয়ে ? 

উত্তৰঃ কিছুমান উদ্ভিদত ফুল ফুলে ।ফুলৰ পৰা ফল হয়। ফলৰ ভিতৰত গুটি থাকে।গুটিৰ আন এটা নাম বীজ ।গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে । ইয়েই ভ্ৰণ । গুটিটো ৰুলে ভ্ৰণটো ডাঙৰ হৈ গছপুলি হয় ।

 (গ) ফুলৰ পৰা কি হয় ? 

উত্তৰঃ ফুলৰ ভিতৰত ফল হয় ।

  (ঘ) গুটি ক’ত থাকে ? 

উত্তৰঃ ফলৰ ভিতৰত গুটি থাকে ।

 (ঙ)  ভ্ৰুণ কি ?

উত্তৰঃ গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে তাকেই ভ্ৰণ বোলে ।

২丨(ক) বাঁহ গাজ কাক বোলে ?

উত্তৰঃ বাঁহ গছৰ পুলিক বাঁহ গাজ বোলা হয় ।

  (খ) কলম  কি ? উদাহৰণ দিয়া ।

উত্তৰঃ কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয় ।তেনে ডালক কলম বুলিও কোৱা হয় ।

৩丨(ক) কোনবোৰ প্ৰাণী ফুলৰ পৰা ওপৰত পৰেহি ?

উত্তৰঃ পখিলা , মৌ-মাখি ,ভোমোৰা, পোক-পৰুৱা আদি ফুলত পৰেহি ।

  (খ) মৌমাখিয়ে ফুলৰ পৰা কি পায় ?

উত্তৰঃ মৌ-মাখীয়ে ফুলৰ পৰা মৌ পায় ।

৪丨(ক) ফুল-নুফুলা উদ্ভিদে কেদৰে জন্ম দিয়ে ?

উত্তৰঃ ফুল- নুফুলা উদ্ভিদৰ পাতত বা আন অংশত সৰু সৰুৰেণু হয় । এই ৰেণু বোৰ মাটিত পৰিলে তাৰ পৰা নতুন গছ গজে । 

  (খ)  ফুলৰ  বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ গজে  ?

উত্তৰঃ ফুলৰ বাহিৰে উদ্ভিদৰ ডাল, পাত, শিপা, কাণ্ড আদিৰ পৰা নতুন উদ্ভিদ গজে ।

৫丨 শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

     (ক) ভ্ৰূণ বীজৰ ভিতৰত সোমাই থাকে/নাথাকে ।

উত্তৰঃ থাকে ।

     (খ) ফুল ফুলা উদ্ভিদে জন্ম দিওঁতে প্ৰাণীৰ সহায় লয়/নলয় ।

উত্তৰঃ লয় ।

     (গ) সকলো প্ৰাণীয়ে কণী পাৰি পোৱালি দিয়ে/নিদিয়ে ।

উত্তৰঃ নিদিয়ে ।

     (ঘ) কণী পাৰি জন্ম দিয়া প্ৰাণীবোৰে পোৱালিক গাখীৰ খুৱায়/               নুখুৱায় । 

উত্তৰঃ নুখুৱায় ।


Class 3 Science Chapter 13

 উদ্ভিদৰ পৰা পোৱা বস্তু

প্ৰশ্নাৱলী

(১) মানুহৰ প্ৰধান আহাৰ কি ? মানুহে সেইবোৰ ক’ৰপৰা পায় ? 

উত্তৰঃ মানুহৰ প্ৰধান আহাৰ হ’ল- চাউল, দাইল, শাক-পাচলি, ফল-মূল।

মানুহে সেইবোৰ আহাৰ উদ্ভিদৰ পৰাই পায়।

(২) ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম হ’ল- আমলখি,শিলিখা,তুলসী,নিম,মানিমুনি।

(৩) মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম হ’ল- ধান, মাহ, সৰিয়হ,কল, ঘেঁহু,আম,কঁঠাল, নাৰিকল,চাহপাত, ৰবৰ ইত্য়াদি।

(৪) (ক) মিঠাতেল ক’ৰ পৰা হয় ? 

উত্তৰঃ মিঠাতেল সৰিয়হৰ পৰা হয়।

      (খ) সূতা ক’ৰ পৰা হয় ?

উত্তৰঃ সূতা কপাহৰ পৰা হয়।

(৫) উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰে লিখা ।

উত্তৰঃ সকলো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ লয় আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। কাৰ্বন-ডাই-অক্সাইড গেছ প্ৰাণীৰ বাবে অপকাৰী। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰিবৰ বাবে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ শুহি লয় আৰু বায়ুত অক্সিজেন এৰি দিয়ে। এই কাৰণত বায়ুত কাৰ্বন-ডাই-অক্সাইড বাঢ়ি নাযায় আৰু অক্সিজেন কমি নাযায়। উদ্ভিদে এনেদৰে বায়ু পৰিস্কাৰ কৰি ৰাখে।

(৬) উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে ?

উত্তৰঃ উদ্ভিদ আৰু প্ৰকৃতি ওতঃপোতঃ ভাৱে জড়িত।উদ্ভিদ নহলে প্ৰকৃতিৰ কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে।গছ-গছনি,ঘাঁহ-বন,হাবি-জংঘলত সৰু-ডাঙৰ সকলো জীৱ-জন্তুৱে বাস কৰে। 

                      গছ-বনৰ ডাল-পাত সৰি মাটিত পৰি পঁচিলে মাটি সাৰুৱা হয়। গছ-বন নাথাকিলে মাটি সাৰুৱা নহ’ব। মাটিয়ে বৰষুণৰ পানী শুহি লয়।এই পানী নিগৰি গৈ মাটিৰ বহু তলত জমা হয়। গছ-বন নথকা ঠাইৰ মাটি বৰষুণ,ধুমুহা-বতাহে আঁতৰাই পেলায়। তেনে ঠাইত নতুনকৈ গছ-গছনি গজিব নোৱাৰে। তৰোউপৰি উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে। জীৱৰ বাবে ক্ষতিকাৰক কাৰ্বন-ডাই-অক্সাইড শুহি লয় আৰু অক্সিজেন এৰি দিয়ে। অক্সিজেন সকলো জীৱৰ বাবে প্ৰয়োজনীয়।এইদৰে উদ্ভিদে প্ৰকৃতি ৰক্ষা কৰি আছে।

Guwahati University CGPA to Percentage Calculator

Distance Education of Kashmir University | Admission | Fees | Syllabus | Result

(৭) শুদ্ধ উত্তৰটোত ✓ চিন দিবা :

     (ক) উদ্ভিদ নাথাকিলে জীৱ-জন্তু জীৱাই থাকিব পাৰে/নোৱাৰে

উত্তৰঃ নোৱাৰে।

      (খ) অক্সিজেন/কাৰ্বন ডাই-অক্সাইডৰ আন এটা নাম অম্লজান ।

উত্তৰঃ অক্সিজেন।

      (গ)  প্ৰাণীয়ে নিশাহত কৰ্বন ডাই-অক্সাইড এৰি দিয়ে /নিদিয়ে ।

উত্তৰঃ দিয়ে।

      (ঘ) উদ্ভিদ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি /নোৱাৰি ।

উত্তৰঃ পাৰি।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment