Class 3 Science Chapter 15 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 15

অসমৰ কেইবিধমান প্ৰধান খেতি

Table of Contents

প্ৰশ্নাৱলী

১丨 আমাৰ কোনবোৰ খাদ্য গছৰপৰা পাওঁ ?

উত্তৰঃ আমাৰ বেছিভাগ খাদ্য় গছৰপৰা পাওঁ। চাউল,দাইল,শাক-পাচলি,ফল-মূল,মিঠাতেল,চেনি আদি সকলোবোৰ গছৰ পৰাই পাওঁ।

২丨 সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে ?

উত্তৰঃ সকলো গছৰ খেতি সকলো ঠাইতে কৰিব নোৱাৰে কাৰণ সকলো ঠাইৰ জলবায়ু একে নহয়।

Guwahati University CGPA to Percentage Calculator

Tezpur University Courses After Class 12th Arts

Tezpur University B.Tech Fees Structure 2024-25

৩丨 খেতি ভাল হ’বলৈ কেনে ধৰণৰ যত্ন ল’ব লাগে ?

উত্তৰঃ খেতি ভাল হ’বলৈ খেতিৰ পথাৰত প্ৰয়োজনমতে সাৰ-পানী দিব লাগিব। নানান ধৰণৰ পোক-পৰুৱা আৰু ভেঁকুৰ,বেক্টেৰিয়াই খেতিত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। এইবোৰে যাতে বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে খুব সাবধানে আৰু জোখমতে ঔষধ দিব লাগিব।

৪丨 পচন সাৰ কি ?

উত্তৰঃ গছৰ ডাল-পাত, পেলনীয়া জাৱৰ-জোথৰ মাটিত গাত খান্দি পুতি থলে এইবোৰ পঁচি যায় আৰু পাচত সাৰ হয় এই সাৰকে পচন সাৰ বোলে।

丨 শস্য কি ?

উত্তৰঃ মানুহে আহাৰ উদ্ভিদৰ পৰাই পায়। মানুহে এই লাগতিয়াল উদ্ভিদবোৰৰ গছ গজাবলৈ মাটি চহাই উদ্ভিদবোৰৰ গুটিৰ পৰাই নতুন গছ গজাই আৰু এই উদ্ভিদবোৰৰ গুটিক খাদ্য় হিচাপে ব্য়ৱহাৰ কৰে আৰু এনে গছৰ গুটিক শস্য় বোলে।

৬丨 চাৰিবিধ ভাল জাতৰ ধানৰ নাম লিখা ।

উত্তৰঃ চাৰিবিধ ভাল জাতৰ ধানৰ নাম হ’ল—- আইজং,জয়া,ৰত্না,পংকজ।

৭丨 মিঠাতেল ক’ৰ পৰা হয় ?

উত্তৰঃ সৰিয়হৰ গুটিৰ পৰাই মিঠাতেল হয়।

৮丨 চেনি ক’ৰ পৰা হয় ?

উত্তৰঃ

৯  আলু মাটিৰ তলত হয়। ই আলু গছৰ শিপাৰ পৰা হয়নে ?

উত্তৰঃ আলু গছৰ গা-গছৰ পৰাহে মাটিৰ তলত আলু হয়, শিপাৰ পৰা নহয়।

১০丨 মৰাপাট ক’ৰ পৰা হয় ?

উ্ত্তৰঃ মৰাপাত গুটিৰ পৰা গজোৱা হয়।মৰাপাতৰ গছবোৰ কাটি আনি পানীত ডুবাই ৰখা হয়। পানীত ডুবাই থলে গছবোৰ পঁচি কোমল হয় আৰু এই গছৰ পৰাই দীঘল আঁহ থকা বাকলি উলিয়াই এইবোৰেই মৰাপাট।

১১丨 কেনেকুৱা ঠাইত চাহ খেতি ভাল হয় ?

উত্তৰঃ সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটিত চাহ খেতি ভাল হয়।

১২丨 কৃষি বা খেতি কৰা কাক বোলে ?

উত্তৰঃযিহেতু মানুহে প্ৰায় আহাৰ উদ্ভিদৰ পৰাই পায় গতিকে মানুহে এই দৰকাৰী উদ্ভিদবোৰৰ গুটিৰ পৰাই নতুন গছ গজাই।গছ গজাবলৈ প্ৰথমে মাটি চহাই লয়। পাছত পৈণত উদ্ভিদবোৰৰপৰা দৰকাৰী অংগবোৰ সংগ্ৰহ কৰে। ইয়াকে খেতি কৰা বা কৃষি কৰা বোলে।

১৩丨ৰাসায়নিক সাৰ কি ?

উত্তৰঃ খেতি পথাৰত ব্য়ৱহাৰ কৰা কিছুমান সাৰ কাৰখানাত তৈয়াৰ কৰা হয় এইসাৰবোৰেকে ৰাসায়নিক সাৰ বোলে।

১৪丨ধান খেতি কেনেদৰে কৰা হয় ?

উত্তৰঃ সাধাৰণতে বাৰিষা কালত ধান খেতি কৰা হয়। কাৰণ ধান খেতিক যথেষ্ট পানী লাগে। প্ৰথমতে মাটিখিনি ভালকৈ হাল বাই চহাই লোৱা হয় তাৰ পিছত মাটিত ধানৰ পুলি ৰোৱা হয়, এইদৰে ৰোৱা ধান গছৰ পুলিক কঠীয়া বা ভূঁই বোলে। কিছুমান ধান খেতি শুকান মাটিতে কৰিব পাৰি এনে ধান খেতি কৰিবলৈ পথাৰত ধানৰ গুটি সিঁচি দিয়া হয়।ধান গছৰ ফুলৰ পৰাই ধানৰ থোক হয়। ধানৰ গুটি পূৰঠ হ’লে থোকবোৰ কাটি অনা হয়।এইদৰে ধান খেতি কৰা হয়।

১৫丨 ধান গছৰ পুলিক কি বোলে ?

উত্তৰঃ ধান গছৰ পুলিক কঠীয়া বা ভূঁই বোলে।

১৬丨 ‘মৰণা মৰা’ কি ?

উত্তৰঃ শুকান ধানৰ থোকবোৰ মাটিত মেলি এইবোৰৰ ওপৰত গৰু বা ম’হক খোজ কাঢ়িবলৈ দিয়া হয়। তাকে মৰণা মৰা বোলে।

১৭丨 তুঁহ কাক বোলে ?

উত্তৰঃ ঢেঁকীত খুন্দি বা মিলত যন্ত্ৰৰ সহায়ত ধানৰ বাকলি আঁতৰোৱা হয়। তেতিয়াই আমি চাউল পাওঁ। আঁতৰাই পেলোৱা বাকলিখিনিক তুঁহ বোলে।

১৮丨 পাঁচবিধ ভাল জাতৰ ধানৰ নাম লিখা ।

উত্তৰঃ পাঁচবিধ ভাল জাতৰ ধানৰ নাম হ’লঃ

    (১) আইজং, (২) জয়া, (৩) ৰত্না, (৪) পংকজ, (৫) প্ৰসাদভোগ।

১৯丨 চাহপাত কেনেদৰে প্ৰস্তুত কৰা হয় ?

উত্তৰঃ চাহ খেতিৰ বাবে সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটি লাগে। চাহ গছৰ পূৰঠ ডালৰ পৰা নতুন পুলি উলিওৱা হয়। চাহ গছ নিয়মীয়াকৈ কাটি জোপোহা কৰি ৰখা হল। চাহ গছৰ নতুন পাত ছিঙি কলঘৰলৈা নিয়া হয়। কলঘৰত পাতবোৰ শুকাৱাই, গুড়ি কৰি চাহপাতৰ গুড়ি বনোৱা হয়।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment