আমাৰ পৃথিৱীখন | Class 3 Science Chapter 8 | Assam Jatiya Vidyalaya

Class 3 Science Chapter 8

Table of Contents

আমাৰ পৃথিৱীখন

(১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ?

উত্তৰঃ সূৰ্য্য়ৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে ৩৬৫ দিন লয়।

(২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ?

উত্তৰঃ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে। তলে-ওপৰে চেপেটা ।

(৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ?

উত্তৰঃ পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ তেৰ হাজাৰ কিল’মিটাৰৰ ওচৰা উচৰি হ’ব ।

(৪) পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান, পানীভাগ কিমান ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত মাটিভাগ ২৯ ভাগ আৰু পানী ৭১ ভাগ ।

(৫) পৃথিৱীখন কিয় ধুনীয়া ঠাই ?

উত্তৰঃ সকলো ধৰণৰ জীৱ আৰু গছ-গছনি থকা বাবেই পৃথিৱীখন এখন সুন্দৰ ঠাই ।

(৬) পৃথিৱীখন কেইধৰণে ঘূৰি আছে ?

উত্তৰঃ পৃথিৱীখন দুই ধৰণে ঘূৰি আছে ।

(৭) দিন আৰু ৰাতি কেনেকৈ হয় লিখা ।

উত্তৰঃ পৃথিৱীখন লাটুমৰ দৰে ঘূৰি থাকে । সেইবাবে এখন ঠাইত দিন আৰু ৰাতি দুয়োটা হয় ।

(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

(ক) পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়/নহয় ।

উত্তৰঃ হয় ।

(খ) পৃথিৱীৰ পানীভাগ মাটিভাগতকৈ কম/বেছি ।

উত্তৰঃ বেছি ।

(গ) সাগৰৰ তলিত গছ-গছনি আছে/নাই ।

উত্তৰঃ আছে ।

(ঘ) পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন-ৰাতি হয়/নহয় ।

উত্তৰঃ হয় । 

(ঙ) সূৰ্য্যৰ চাৰিওফালে ঘূৰোঁতে পৃথিৱীখন এক ছেকেণ্ডত বিছ/দহ/ত্ৰিছ কিল’মিটাৰ যায় ।

উত্তৰঃ ত্ৰিছ কিল’মিটাৰ যায় ।


প্ৰশ্নাৱলী

(১) কাৰ্য্য কেতিয়া কৰা হয় ?

উত্তৰঃ বস্তু এটা লৰচৰ কৰিলে কাৰ্য্য কৰা হয় ।

(২) বল কাক বোলে ?

উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা,থেকেচা, আদিবোৰকে বল বোলা হয়।

(৩) চুম্বক কি ?

উত্তৰঃ চুম্বক এবিধ বিশেষ বস্তু। ই লোহা ,নিকেল আদি পদাৰ্থৰে তৈয়াৰী।

(৪) শাৰীৰিক বল কাক বোলে ?

উত্তৰঃ জীৱই মাংসপেশীৰে বল দিয়ে, ইয়াকে শৰীৰিক বল বোলে।

(৫) চুম্বকৰ দুটা বিশেষ গুণ লিখা ।

উত্তৰঃ চুম্বকৰ দুটা বিশেষ গুণ হ’ল-

১)চুম্বকে লোৰ বস্তু আকৰ্ষণ কৰে ,এই বলবিধৰ নাম চুম্বকীয় বল ।ই এটা চুম্বকৰ বিশেষ গুণ ।

২) চুম্বক এডাল ওলমাই দিলে ইয়াৰ এটা মূৰ সদায় উত্তৰফালে আৰু আনটো আনটো মূৰ দক্ষিণফালে মুখ কৰি থাকে, ই চুম্বকৰ আন এটা বিশেষ গুণ । 

(৬) সৰল সঁজুলি কি ? চাৰিবিধ উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ সঁজুলি বৈদ্যুতৰ দ্বাৰা চালিত নহয় সৈইবোৰ সঁজুলিক সৰল সঁজুলি বোলে।

    চাৰিবিধ সৰল সঁজুলি নাম হ’ল- বিচনী, দা, কটাৰী,কেঁচি আদি।

(৭) যন্ত্ৰ কি ? কেইবিধ উদাহৰণ দিয়া ।

উত্তৰঃ সহজতে বেছি কাম কৰা সঁজুলি বোৰক যন্ত্ৰ বোলে। যেনে- ফেন, গাড়ীৰ ইন্জিনটো, ছাইকেল, কম্পিউটাৰ আদি।        

(৮) কাৰ্য্য মানে কি ?

উত্তৰঃ কাৰ্য্য় মানে কাম। কাৰ্য্য় কৰা মানে কাম কৰা। উদাহৰণ স্বৰূপে- দৌৰা, জপিওৱা, কাপোৰধোৱা আদি প্ৰতিটোৱেই কাম ।

(৯) বলৰ কেতিয়া প্ৰয়োজন হয় ? দুটা উদাহৰণ সৈতে লিখা ।

উত্তৰঃ যিকোনো এটা কাম কৰিবলৈ বলৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে- টেবুলখন টনাটো এটা কাম। টেবুলখন টানিবলৈ বলৰ প্ৰয়োজন হয়।ছাইকেলখন পেডেল মাৰিবলৈ বলৰ প্ৰয়োজন হয়।

(১০) জীৱই কিহৰ সহায়ত কাৰ্য্য কৰে ?

উত্তৰঃ জীৱই বলৰ সহায়ত কাৰ্য্য কৰে ।

(১১) সঁজুলি কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ সঁজুলিৰে কাম সহজতে কৰিব পাৰি বাবে সঁজুলি ব্যৱহাৰ কৰে।

(১২) (ক) মাধ্যাকৰ্ষণ বল কি ?

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে ইয়াকে মাধ্যাকৰ্ষণ বল বোলে ।

400+ মিথুন ৰাশিৰ ল’ৰা – ছোৱালীৰ নাম

(খ) বস্তু ওজন কিয় থাকে ?

উত্তৰঃ পৃথিবীৰ আকৰ্ষণৰ বাবেই বস্তুৰ ওজন থাকে।

(১৩) শুদ্ধ উত্তৰটোৰ ওপৰত(✓) চিন দিবা :

(ক)  বস্তু এটা লৰচৰ নকৰিলে কাৰ্য্য কৰা হয়/ নহয় ।

উত্তৰঃ নহয় ।

(খ) বিপৰীতফালে থকা সমান সমান বলে কাৰ্য্য কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে

(গ) বিপৰীতফালে থকা অসমান বলে কাৰ্য্য কৰিব পাৰে/নোৱোৰে  ।

উত্তৰঃ পাৰে ।

(ঘ) বলে বস্তুক গতি দিব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

(ঙ) বলে বস্তুক বেগ বঢ়াব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।

(চ) বলে বস্তু বেগ কমাব পাৰে/নোৱোৰে ।

উত্তৰঃ পাৰে ।


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment