Class 3 Science Chapter 9
জীৱজগত
Table of Contents
প্ৰশ্নাৱলী
(১) (ক) জড় বস্তু কোনবোৰ ?
উত্তৰঃ প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড় ।
(খ) জীৱজগতৰ ভাগ কেইটা ?
উত্তৰঃ জীৱজগতৰ ভাগ পাঁচটা ।
(গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা ।
উত্তৰঃ জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য হ’ল-
১) জীৱই কাম কৰিব পাৰে আনহাতে জড়ে কাম কৰিব নোৱাৰে ।
২) সকলো জীৱই উশাহ লয় আনহাতে জড়ে উশাহ নলয় ।
৩) জীৱক জীয়াই থাকিবলৈ আহাৰ লাগে আনহাতে জড়ক আহাৰ নালাগে ।
(ঘ) জীৱ কাক বোলে ?
উত্তৰঃ জীয়াই থকা বস্তুবাৰকে জীৱ বোলে ।
(ঙ) কোনবোৰ জীৱ প্ৰাণী ?
উত্তৰঃ যি বোৰ জীৱই খোজ কাঢ়িব পাৰে,দৌৰিব পাৰে, সাঁতুৰিব পাৰে সেইবোৰ জীৱক প্ৰাণী বোলে ।
(চ) কোনবোৰ জীৱ উদ্ভিদ
উত্তৰঃ গছ-বন, শেলাই আদিকে উদ্ভিদ বোলা হয় । উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব পাৰে ।
(ছ) উদ্ভিদ ক’ৰপৰা আহাৰ পায় ?
উত্তৰঃ উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় আৰু সূৰ্য্য়ৰ ৰশ্মিৰ পৰা আহাৰ প্ৰস্তুত কৰি লয় ।
(২) (ক) প্ৰাণীৰ কামবোৰ কি কি ?
উত্তৰঃ প্ৰণীৱোৰৰ কাম হ’ল- আহাৰ গোটোৱা, খোজ কঢ়া, দৌৰা, কথা কোৱা, শুনা ,খোৱা ,পঢ়া আদি ।
তুলা ৰাশিৰ অসমীয়া ছোৱালীৰ নাম
(খ) উদ্ভিদৰ কামবোৰ কি কি ?
উত্তৰঃ উদ্ভিদবোৰৰ কাম হ’ল- মাটিৰ পৰা পানী আৰু সাৰ শুহি লোৱা,পাতেৰে বায়ু শুহি লোৱা আৰু পাতত আহাৰ তৈয়াৰ কৰি লোৱা ।
(গ) জীৱই কাম কৰিবলৈ ক’ৰপৰা শক্তি পায় ?
উত্তৰঃ জীৱই কাম কৰিবলৈ আহাৰৰ পৰা শক্তি পায় ।
(ঘ) উশাহ বন্ধ হ’লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?
উত্তৰঃ জীৱক আহাৰৰ লগতে বায়ুও লাগে ।বায়ুৰ সহায়ত আহাৰত থকা শক্তি মুকলি হয় সেইবাবে উশাহ বন্ধ হ’লে জীৱ জীয়াই থাকিব নোৱাৰে ।
(৩) (ক) শুদ্ধ উত্তৰৰটো ✓ চিন দিয়া :
(ক)প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল’ব পাৰে/নোৱাৰে ।
উত্তৰঃ নোৱাৰে ।
(খ) জড় বস্তুৱে আহাৰ খায়/নাখায় ।
উত্তৰঃ নাখায় ।
(গ) জড় বস্তুৱে কাম কৰিব পাৰে/নোৱাৰে ।
উত্তৰঃ নোৱাৰে ।
(ঘ) কেৱল আহাৰ খালে মানুহে শক্তি পায়/নাপায় ।
উত্তৰঃ নাপায় ।
(ঙ) উশাহ বন্ধ হ’লে উদ্ভিদ জীৱই থাকিব পাৰে/নোৱাৰে ।
উত্তৰঃ নোৱাৰে ।
(চ) জড় বস্তুৱে জন্ম দিয়ে/নিদিয়ে ।
উত্তৰঃ নিদিয়ে ।
(৪) ক অংশ লগত খ অংশ মিলোৱা :
ক অংশ খ অংশ
ভেঁকুৰ লৰচৰ কৰিব পাৰে
অহাৰে কণী পাৰে
উদ্ভিদে পাতেৰে গেলা পঁচা বস্তু গজে
চৰায়ে শক্তি যোগান ধৰে
প্ৰাণীয়ে বায়ু শুহি লয়
উত্তৰঃ ভেঁকুৰ গেলা-পঁচা বস্তুত গজে
আহাৰে শক্তি যোগান ধৰে
উদ্ভিদে পাতেৰে বায়ু শুহি লয়
চৰায়ে কণী পাৰে
প্ৰাণীয়ে লৰচৰ কৰিব পাৰে