আমাৰ গাঁও | Class 4 Assamese Chapter 1 |অসম জাতীয় বিদ্যালয় |

Class 4 Assamese Chapter 1

আমাৰ গাঁও

পাঠভিত্তিক প্ৰশ্নোত্তৰ

কবি পৰিচয় :- ১৮৭৪ চনত জন্ম লাভ কৰা আনন্দ চন্দ্ৰ আগৰৱালাদেৱ একেধাৰে কবি, প্রাবন্ধিক আৰু প্ৰত্নতাত্ত্বিক। বহুসংখ্যক ইংৰাজী কবিতাৰ অসমীয়া ভাষালৈ কৰা সহজ-সৰল সুন্দৰ ভাঙনি কৰা বাবে তেওঁ ‘ভাঙনি কোৱৰ’ নামেৰে পৰিচিত। তেওঁৰ প্ৰকাশিত কবিতা-পুথি জিলকনি। ১৯৩৯ চনত এইজনা কবিৰ মৃত্যু হয়।

অৰ্থৰ সৈতে চিনাকি :- মুদৈ – দূৰ ঠাইত ব্যৱসায় (বেপাৰ) কৰিবলৈ যোৱা লোক। হাট— বজাৰ। মুৰুলী— বাহী। তাল— সংগীতত সুৰৰ বিস্তাৰ। চহা- হাল কোৰ বাই থোৱা মানুহ। তলসৰা — নিজে সৰি (মানুহে নপৰাকৈ) গছৰ তলত পৰি থকা। চেনেহা-চেনেহি – বহুতৰ মাজত পৰস্পৰ মৰমৰ প্রকাশ।

প্রশ্ন ১। প্রথমে কোৱা, তাৰ পিছত লিখা : 

(ক) শুৱনি গাঁওখন কি কি গছেৰে ভৰা ?

উত্তৰঃ শুৱনি গাঁওখন কোমোৰা, লাও, জিকা, ভোল, ধান, তামোল-পান আদি গছেৰে ভৰা।  

(খ) পুখুৰীত কি থাকে ?

উত্তৰঃ পুখুৰীত মাছ থাকে। 

(গ) মুদৈৱে ক’ত বেপাৰ কৰে ?

উত্তৰঃ মুদৈৱে শুৱনি নদীৰ পানীভৰা ঘাটত বেপাৰ কৰে। 

(ঘ) গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায় ? 

উত্তৰঃ গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়।

(ঙ) ৰং-ধেমালিৰ হাট মানে কি বুজোৱা হৈছে ? 

উত্তৰঃ ৰং-ধেমালিৰ হাট মানে ঘৰে ঘৰে আনন্দৰ মেলাৰ কথা বুজোৱা হৈছে।

(চ) গাঁৱত পোৱা বস্তুবোৰৰ নামৰ এখন তালিকা কৰা।

উত্তৰঃ গৱত পোৱা বস্তুবোৰৰ নামৰ তালিকা— শুৱনি গছ, ফল মূল, ধাননি পথাৰ, লাও, জিকা, ভোল, জহাধান, গৰু, মাছ, তামোল পান, শুৱনি চৰাই, শাক, ৰং-ধেমালি, ভাওনা-সবাহ।

প্রশ্ন ২। কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিবেশৰ বিষয়ে নিজৰ ভাষাৰে লিখা।

উত্তৰঃ কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশ অতি শুৱনি। কবিয়ে “আমাৰ গাঁও”ত ডাল ভৰি থকা ফল-ফুল, তলসৰা শেৱালি, শুৱনি গছ, ধাননি পথাৰৰ বর্ণনা দিছে। শুৱনি নদীৰ পানীভৰা ঘাটত ব্যবসায়ীয়ে বেপাৰ কৰে। চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল-পানেৰে ভৰি আছে। গছৰ ডালত ধুনীয়া চৰাইৰ মধুৰ গীতে, ফুলনিৰ ফুলে হিয়া জুৰ পেলাই যায়। ঘৰে ঘৰে হাঁহি-আনন্দৰ পৰিবেশে, ভাওনা-সবাহত মন জুৰোৱা বাঁহীৰ সুৰে আৰু সহজ-সৰল গাঁৱৰ লোকৰ একতাই গোটেই পৰিৱেশেই শুৱনি কৰি তোলে।

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা : 

খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল

(ক) মুদৈয়ে ____ কৰে। 

(খ) খেতিয়কে ____ কৰে। 

(গ) খেলুৱৈয়ে ____ খেলে। 

(ঘ) মাছুৱৈয়ে _____ ধৰে।

(ঙ) অভিনেতাই _____ কৰে।

(চ) নাৱৰীয়াই ______ বায়।

(ছ) হালোৱাই _____ বায়।

উত্তৰঃ (ক) মুদৈয়ে বেপাৰ কৰে।

(খ) খেতিয়কে খেতি কৰে। 

(গ) খেলুৱৈয়ে খেল খেলে।

(ঘ) মাছুৱৈয়ে মাছ ধৰে। 

(ঙ) অভিনেতাই অভিনয় কৰে।

(চ) নাৱৰীয়াই নাও বায়। 

(ছ) হালোৱাই হাল বায়।

প্রশ্ন ৪। তলৰ শব্দবোৰৰ মাজত থকা অমিল শব্দটোত (〇) চিন দিয়া : 

(ক) কোমোৰা, লাও, জিকা, (কঁহুৱা),  ভোল।

(খ) গরু, ছাগলী, (মাছ), হাতী, সিংহ।

(গ) গীত, নৃত্য, অভিনয়, (খেল), ভাওনা।

(ঘ) গামোছা, চুৰিয়া, পায়জামা, (কর্তা), গামখাক।

প্রশ্ন ৫। বাক্য ৰচনা কৰা :

তল-সৰা, পানী ভৰা, ভাওনা-সবাহ, শুৱলা-সংগীত

উত্তৰঃ তল-সৰা :- (গছৰ তলত নিজে নিজে সৰা) : তলসৰা শেৱালি ফুলে চোতালখন শুৱনি কৰি তুলিছে। 

পানী-ভৰা :- (পানীৰে ওপচি থকা) : পানী ভৰা কলহটো অকণমানিজনীয়ে দাঙিবই পৰা নাই।

ভাওনা-সবাহ :- (নাট-সভা) : নামঘৰত তিথি উপলক্ষে ভাওনা  সবাহ পতা হৈছে। 

শুৱলা-সংগীত :- (ধুনীয়া গীত) : পখীৰ শুৱলা-সংগীতে মন-প্রাণ জুৰ পেলায়।

প্রশ্ন ৬। পঢ়া আৰু মিলাই লিখা : 

বাৰিষা ______ চঞ্চল

ৰদ _____ নীৰৱ

সৰৱ _____ খৰালি

স্থিৰ _____ বৰষুণ

উত্তৰঃ বাৰিষা _____  বৰষুণ 

ৰ’দ _____ খৰালি 

স্থিৰ ____  নীৰৱ

সৰৱ _____ চঞ্চল

প্রশ্ন ৭। পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা :

(ক) ৰাইজে নথ জোকাৰিলে নৈ বয়। 

(খ) কথাত কটা যায়, কথাত বঁটা পায়।

উত্তৰঃ (ক) ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’ কথাষাৰৰ অর্থ হৈছে—‘একতাই পৰম বল’। প্ৰতিজন লোকৰ এটোপাল নখৰ পানী মিলি যিদৰে নৈৰ নিচিনা হ’ব, তেনে অৰ্থত অকলে নোৱাৰা কাম বহুজনে এক হৈ কৰিলে, কামটো সহজ হ’ব বুলি বুজাইছে।

(খ) ‘কথাত কটা যায়, কথাত বঁটা পায়’ অর্থাৎ নকবলগীয়া কথা কৈ ৰজাৰ ৰোষত পৰা আৰু ভাল কথাৰ বাবে পুৰষ্কৃত হোৱাৰ কথা বুজোৱা হৈছে। কথাৰ বাবেই মানুহে অপ্রিয় বা প্ৰিয় হ’ব পাৰে। সেয়েহে কথা কওঁতে সাবধান হোৱা উচিত।

প্রশ্ন ৮। পঢ়া, বুজা আৰু লিখা :

তলত সৰা, পানীৰে ভৰা, হাতেৰে বোৱা, গুৰুক সেৱা ৷

উত্তৰঃ তলত সৰা — তলসৰা, পানীৰে। 

ভৰা — পানীভৰা।

হাতেৰে বোৱা — হাতেবোৱা। 

গুৰুক সেৱা — গুৰুসেৱা।

প্রশ্ন ৯। অৰ্থৰ পাৰ্থক্য স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰা :

(ক) হাত-হাট।     

(খ) চাল-ছাল।    

(গ) তান-টান।

(ঘ) ঘাত-ঘাট।

উত্তৰঃ (ক) হাত :- হাত মানুহৰ দেহৰ অংগ। 

হাট :- বেলতলাৰ হাটত বহুতো বস্তু পোৱা যায়। 

(খ) চাল :- ঘৰৰ চালত বহুতো কোমোৰা ওলমি আছে।

ছাল :- ল’ৰাটোৰ ছালখন ইমান খহটা। 

(গ) তান :- মধুৰ মুৰুলী তানে মন-প্রাণ মুহি নিয়ে।

টান :- অঙ্কটো কৰিবলৈ ইমান টান লাগিছে।

(ঘ) ঘাত :- তেওঁ বহুতো ঘাত পাইছে 

ঘাট :- নৈৰ ঘাটত মুদৈয়ে বেপাৰ কৰে।

প্রশ্ন ১০। ভাবা আৰু উত্তৰ উলিওৱাঁ :

(ক) ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধি মণি, 

ওপৰলৈ চাই আছে কোনে চুলি মেলি? 

(খ) খেতিয়কে খেতি কৰে 

গুটি নাই, ফুল নাই  

কেৱল মাথোন পাতেৰে ভৰে।

(গ) ঐ ঐ ঐ ক’লৈ যোৱাগৈ

গছ শুকান গুটি কেঁচা

ব’ল আনোগৈ।

উত্তৰঃ (ক) তামোল গছ, (খ) পান, (গ) কোমোৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। (ক) ‘আমাৰ গাঁও’ কবিতাটিৰ কবি কোন ? 

উত্তৰঃ ‘আমাৰ গাঁও’ কবিতাটিৰ কবি— আনন্দ চন্দ্ৰ আগৰৱালা।

(খ) আগৰৱালাদেৱ কি উপাধিৰে পৰিচিত ? 

উত্তৰঃ আগৰৱালাদেৱ ‘ভাঙনি কোঁৱৰ’ উপাধিৰে পৰিচিত ।

(গ) কি দেখিলে কবিৰ হিয়া জুৰায় ? 

উত্তৰঃ  শাকনিৰ শাক, ফুলনিত ফুল দেখিলে কবিৰ হিয়া জুৰায়।

(ঘ) ঘৰে ঘৰে কবিয়ে কি দেখিছে ?

উত্তৰঃ ঘৰে ঘৰে কবিয়ে ৰং-ধেমালিৰ হাট, হাঁহি মুখ, ভাল চেনেহা- চেনেহি আৰু সুখ দেখিছে। 

(ঙ) দহোটাৰ কাম একেজনে কৰা’ কাৰ সৰল প্ৰাণৰ কথা কৈছে ? 

উত্তৰঃ ‘দহোটাৰ কাম একেজনে কৰা’ চহাৰ সৰল প্ৰাণৰ কথা কৈছে।


Tezpur College Courses for Commerce Students


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

Leave a Comment