AHSEC Important Assamese Question Answer 2024-25

Important Assamese Question Answer

Table of Contents

Sub: Assamese

১। তলৰ যি কোনো সাতটা প্রশ্নৰ উত্তৰ দিয়া: ১×৭-৭

ক) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ অধ্যায় কেইটা আছে?

খ) ‘বনফুল’ৰ কবি কোন?

গ) ‘একন আর্ডেন’ কোনে অনুবাদ কৰিছিল?

ঘ) ‘পঞ্চপুস্প’ৰ ৰচক কোন?

ঙ) ৰেৱতীমোহন দত্ত চৌধুৰীৰ ছদ্ম নাম কি?

চ) ‘উপকল্প’ মানে কি?

ছ) কথা- কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি?

জ) ‘জানকীৰাম’ কোন?

ঝ) ভ্ৰমৰংগ কেতিয়া প্রকাশ পাইছিল?

২। তলৰ যি কোনো সাতটা প্রশ্নৰ উত্তৰ দিয়াঃ ২×৭=১৪

ক) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ দুটা কাৰণ লিখা।

খ) কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

গ) উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা দুখন গ্রন্থৰ নাম লিখা।

ঘ) প্রকৃত ত্যাগ আৰু প্ৰকৃত বৈৰাগ্য মানে কি?

ঙ) শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

চ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি?

ছ) ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা কিয় লগালগি হব পৰা নাছিল?

জ) উন্নত আচৰণৰ অপৰিহাৰ্য অংগ কি?

ঝ) লিখকে প্রকৃত কৰ্মীৰ চিন কি বুলি কৈছে?

৩।যিকোনো এটাৰ প্ৰসংগ সংগতিৰে ব্যাখ্যা কৰিবা: ৪×১=৪

ক) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”

খ) “ইয়ো যে এটা দান।”

গ) “এয়া হ’ল মুকলি মনৰ কথা”

৪। তলৰ যি কোনো দুটা প্রশ্নৰ উত্তৰ দিয়াঃ ৫x২=১০

ক) বেজবৰুৱা দেৱৰ মতে বিদেশী নাটকৰ অনুবাদ কেনে হোৱা উচিত আলোচনা কৰা।

খ) ‘মগনিয়াৰ’ পাঠটিত কথা কবিতাৰ কি কি লক্ষন পৰিস্ফুত হৈছে আলোচনা কৰা।

গ) আনন্দৰাম বৰুৱাই কেনেদৰে পিতৃ-মাতৃ আৰু উপৰিস্থসকলক ভক্তি দেখুৱাইছিল বুজাই লিখা।

ঘ) চাৰি আশ্ৰম বুলিলে কি বুজা আলোচনা কৰা।

ঙ) ‘চিঠি’ গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

৫। তলৰ যি কোনো পাচঁটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ১x৫=৫

ক) মাধবদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল?

খ ) ‘তত্ব পাৰিজাত’ৰ লিখক কোন? গ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ ঘৰ ক’ত আছিল?

ঘ) কেশৱ মহন্তই কি পুথিৰ বাবে সাহিত্য একাদেমী বঁটা পায়?

ঙ) নিৰ্মলপ্রভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি?

চ) বৰগীতত প্রথমে উল্লেখ থকা ‘ধ্রুং’ শব্দটি সম্পূর্ণকে লিখা।

ছ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো প্রথমে ক’ত আৰু কেতিয়া প্রকাশ পায়?

৬। তলৰ যি কোনো পাচঁটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ২x৫=১০

ক) বিষয়বস্তু অনুসৰি বৰগীতৰ ভাগ কেইটা আৰু কি কি? খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

গ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু কেতিয়া, ক’ত, কেনেকৈ হৈছিল?

ঘ) ‘জয়ন্তী’ৰ পাছত প্রকাশ পোৱা দুখন আলোচনীৰ নাম লিখা।

ঙ) নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।

চ) নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কি পদৰ পৰা অবসৰ লয়?

ছ) নৱকান্ত বৰুৱাই ‘কাঠমিস্ত্ৰীৰ ঘৰ’ সম্পর্কে কি মন্তব্য কৰিছিল?

৭। যিকোনো এটাৰ প্ৰসংগ সংগতিৰে ব্যাখ্যা কৰিবা: ৪×১=৪

ক) “ত্রিজগত পতি

ভকতি মিলিল

মূৰুখ মাধৱে বোলে।।”

খ) “তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।।”

৮। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪x২=৮

ক) বৰগীতটোৰ মাজেৰে ভক্তিৰ প্ৰকাশ কেনেদৰে ঘটিছে আলোচনা কৰা। খ) ‘কাঠমিস্ত্ৰীৰ ঘৰ” কবিতাটিত শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।

গ) ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

ঘ) ‘কৰুণতম’ কবিতাটিৰ নামাকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

৯ । তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ক) কৈশোৰ কালৰ এটা প্রধান বৈশিষ্ট্য কি? ১×২= ২

খ) কৈশোৰ কালৰ শিক্ষাক কি শিক্ষা বোলে?

গ) ‘জীৱনৰ শান্তি পর্ব’ নামৰ প্ৰৱন্ধটিৰ লিখক কোন?

১০। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া: ২×২= ৪

ক) কিশোৰ সংস্কৃতি কি?

খ) কি কি ক্ষেত্ৰত কিশোৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়?

গ) কিশোৰ অৱস্থা প্রাপ্তিত শিশুৰ কি কি ক্ষেত্ৰত পৰিৱৰ্তন হয়? ঘ) কৈশোৰ কালৰ শিক্ষাত থকা চাৰিটা মৌলিক বিষয় কি কি?

১১। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪×১= ৪

ক) বীৰপূজা কি আলোচনা কৰা।

খ) কৈশোৰ কালৰ আবেগিক বিকাশৰ বিষয়ে বহলাই লিখা।

গ) পৰিচিতিৰ সংঘাত বুলিলে কি বুজা আলোচনা কৰা।

১২। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪×২= ৮

ক) শব্দবিভক্তি কাক বোলে, ই কেইটা আৰু কি কি উদাহৰণেৰে বুজাই লিখা।

খ) সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলিলে কি বুজা উদাহৰণেৰে বুজাই লিখা।

গ) প্রত্যয় কাক বোলে, ই কেইপ্ৰকাৰ আৰু কি কি উদাহৰণসহ বুজাই লিখা।

ঘ) নির্দিষ্টতাবাচক প্রত্যয় কাক বোলে? চাৰিটা এনে প্রত্যয়ৰ ব্যৱহাৰ উদাহৰণ দি বুজাই লিখা।

১৩। তলৰ যি কোনো চাৰিটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা: ১×৪=৪

অনাঅসমীয়া, বেগাই, পুৱতী, জুলীয়া, ৰোৱনী, জপনা, দীর্ঘতম।

১৪ । তলৰ যিকোনো তিনিটাৰ অৰ্থ লিখি বাক্য ৰচনা কৰাঃ

২x৩=৬

আঠুৱা তলৰ মহ, এলা-পেচা, পিঠি দিয়া, পেট-মচা, চকু চৰহা, কাণ কটা, কঁকাল দঙা, মুৰ দোৱা।

১৫। যিকোনো এখন ৰচনা লিখাঃ ১০

ক) একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ

(আৰম্ভনি – গ্রন্থ আৰু গ্রন্থাকাৰৰ পৰিচয়- ভালপোৱাৰ কাৰণ- বিষয়বস্তুৰ আলোচনা- সামৰণি)

খ) জৈৱ বৈচিত্র্য আৰু সাম্প্ৰতিক সময়

(আৰম্ভনি- জৈৱ বৈচিত্র্য আৰু মানৱ সমাজ- ইয়াৰ সংৰক্ষণৰ প্রয়োজনীয়তা – সংৰক্ষণৰ উপায়- আমাৰ কৰণীয় – সামৰণি )

গ) মানব সমাজলৈ বিজ্ঞানৰ অৱদান

(আৰম্ভনি- বিজ্ঞানৰ ক্ৰমবিকাশ- বিজ্ঞানৰ অৱদান- উপকাৰিতা- অপকাৰিতা – সামৰণি )

ঘ) অসমৰ ক্ষুদ্র উদ্যোগ: সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ (আৰম্ভণি- পৰিচয় আৰু শ্রেণীবিভাগ – সম্প্ৰসাৰণ-বাণিজ্যিকীকৰণ সমস্যা- আৰ্থিক সবলীকৰণত ইয়াৰ ভূমিকা -সামৰণি)

Important Assamese Question Answer


Author

  • Mr.Mnj

    Hi, This is Total Gamings. I am a Bengali & Assamese Content Writer and CEO of Totalgamings.com. TotalGamings.Com is a Online Learning Platforms for Class 3-12 Students.

    View all posts

1 thought on “AHSEC Important Assamese Question Answer 2024-25”

Leave a Comment